NORTHEAST NOW (Assamese)
Popular Stories

‘গান গাই নাচিব লাগিব, নহ’লে নিলম্বন কৰা হ’ব!’- আৰক্ষীক নিৰ্দেশ ক্ষমতাত বলীয়ান লালু পুত্ৰ তেজ প্ৰতাপৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 15, 2025 8:13 pm
‘গান গাই নাচিব লাগিব, নহ’লে নিলম্বন কৰা হ’ব!’- আৰক্ষীক নিৰ্দেশ ক্ষমতাত বলীয়ান লালু পুত্ৰ তেজ প্ৰতাপৰ

লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজ প্ৰতাপ যাদৱে আৰক্ষীক নাচিবলৈ কৈ বিতৰ্কত লিপ্ত হয়। শুকুৰবাৰে হোলী অনুষ্ঠানত এজন আৰক্ষীৰ আগত তেওঁ কয় যে, ‘মই এটা গান গাম। আপোনালোকে নাচিব লাগিব।’ তেওঁ আৰক্ষী জোৱানজনক সকীয়াই দিয়ে যে যদি মানি নলয় তেন্তে তেওঁক নিলম্বন কৰা হব।

তেজ প্ৰতাপৰ আদেশত উপস্থিত আৰজেডি সমৰ্থকৰ মাজত পুলিচজনে নাচিবলৈ ধৰিলে। খাকী পোছাক পৰিহিত পুলিচজনৰ নৃত্য আৰু তেজ প্ৰতাপৰ বক্তব্য দুয়োটা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅটো মুক্তি পোৱাৰ লগে লগে আৰম্ভ হয় বিতৰ্ক। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জেডিইউ আৰু বিজেপিয়ে তেজপ্ৰতাপ আৰু আৰজেডিক সমালোচনা কৰি ওলাই আহিছে।

জেডিইউৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাজীৱ ৰঞ্জন প্ৰসাদে এই ঘটনাক গৰিহণা দি কয় যে জংগল ৰাজ শেষ হল। কিন্তু লালু যাদৱৰ ৰাজকুমাৰে গানৰ সুৰত নাচিলে পুলিচজনক নিলম্বন কৰাৰ হুংকাৰ দিছে। কিন্তু বিহাৰ এতিয়া সলনি হৈছে। লালু যাদৱৰ পৰিয়ালে বুজিব লাগে যে পৰিৱৰ্তিত বিহাৰত এনে কাৰ্যৰ কোনো স্থান নাই। এই ঘটনাত বিজেপিয়ে তেজপ্ৰতাপ আৰু আৰজেডিক আক্ৰমণ কৰিছে। আৰু বিহাৰত লালুৰ দলৰ মিত্ৰ কংগ্ৰেছে কয় যে এয়া এক “দুৰ্ভাগ্যজনক কাণ্ড

শুকুৰবাৰে আন এক ঘটনাক লৈ বিতৰ্কত লিপ্ত হৈছে তেজ প্ৰতাপ। এটা ভিডিঅত দেখা গৈছে যে আৰজেডিৰ এজন সমৰ্থকক ৰং লগাই কাপোৰ খুলি দিয়া হৈছে। সেই সময়ত তেজ প্ৰতাপক তাত বহি থকা দেখা গৈছিল।