NORTHEAST NOW (Assamese)
অসম

দৰঙৰ বিহু সমিতিয়ে ডেকা খেতিয়কক সম্বৰ্ধনা জনালে

Posted by: ময়ুখ গোস্বামী Updated by: ময়ুখ গোস্বামী April 16, 2019 4:14 pm
Young farmer feted by Bihu celebration committee in Assam's Darrang District

দৰং জিলাৰ প্ৰগতিশীল খেতিয়কসকললৈ প্ৰেৰণা কঢ়িয়াই জিলাখনৰ আতাইতকৈ পুৰণি ৰঙালী বিহু উদযাপন সমিতি, ৬৫ সংখ্যক সদৌ মঙলদৈ বিহু উদযাপন সমিতিয়ে ইয়াৰ শেহতীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী প্ৰগতিশীল স্থানীয় খেতিয়কক ৰাজহুৱা সম্বৰ্ধনা জনাবলৈ আগবাঢ়ি আহিছে।

বিহু সমিতিৰ সভাপতি আৰু মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে কাৰ্য্যকৰী সভাপতি ৰাজীব কুমাৰ ডেকা, সাধাৰণ সম্পাদক দিগন্ত মনি বৰা আৰু অন্যান্য কাৰ্য্যকৰ্তাসকলে সোমবাৰে ৰামগাঁৱৰ এগৰাকী প্ৰগতিশীল ডেকা খেতিয়ক ধ্ৰুৱজ্যোতি ডেকাক এটা স্মাৰক, এখন গামোচা আৰু এটা পৰম্পৰাগত ‘হালোৱা জাপি’ৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

খেতিয়ক শইকীয়াৰ লগতে প্ৰসিদ্ধ শিল্পী মন্তু দাস আৰু অৱসৰপ্ৰাপ্ত অভিযন্তা হৰেন কাকতিকো অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱা হয়।

তাৰোপৰি দুটা পৃথক পৰ্য্যায়ত উদযাপিত বিহুখনৰ প্ৰথম দিনাই ঐতিহাসিক গান্ধী ময়দানত এটা বৰ্নিল সাংস্কৃতিক শোভাযাত্ৰা আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আৰু গায়ক কল্পনা ডেকাই গোৱা এটা অসমীয়া গীতো মুকলি কৰা হয়।

উপায়ুক্ত ঘনশ্যাম দাসে সাংস্কৃতিক শোভাযাত্ৰাটোৰ পতাকা জোকাৰি আৰম্ভ কৰাৰ বিপৰীতে গীততো আনুষ্ঠানিকভাবে মুকলি কৰে বিধায়ক গুৰুজ্যোতি দাসে। অলপ দিনৰ বিৰতিৰ পিছত উদযাপনটোৰ দ্বীতিয় পৰ্য্যায় ২০ এপ্ৰিলৰ পৰা ২২ এপ্ৰিললৈকে এলানি সাংস্কৃতিক কাৰ্য্যসূচী যাৰ ভিতৰত থাকিব সদৌ অসম মুকলি বিহু, বিহু কুঁৱৰী, মাৰাথন দৌৰ আৰু চাইকেল চালনাৰ লগতে অন্যান্য।