NORTHEAST NOW (Assamese)
Popular Stories

মহিলাৰ লগত নৃত্যৰত যুৱক, হঠাতে দৰ্শকৰ পৰা গুলীচালনা! মঞ্চতেই হেৰুৱালে প্ৰাণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 4, 2025 6:01 pm

নৃত্য পাৰ্টিত চলিল বন্দুকৰ গুলী। আৰু তাৰ বাবেই যুৱকজনে প্ৰাণ হেৰুৱালে। বিহাৰৰ গয়াত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, ২৭ বছৰীয়া যুৱকজনে সোমবাৰে নিশা এক অনুষ্ঠানত মহিলা অৰ্কেষ্ট্ৰা শিল্পীৰ সৈতে নাচি আছিল।

আৰু সেই সময়ত দৰ্শকৰ মাজত বহি থকা এজন ব্যক্তিয়ে হঠাতে বন্দুক উলিয়াই মঞ্চৰ ফালে তিনিটা গুলী চলালে। গুলীটোৱে মূৰত  লগাৰ লগে লগে তেওঁ মঞ্চত ঢলি পৰিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱকজনৰ নাম গয়াৰ কোঁচ জিলাৰ পালি গাঁৱৰ বাসিন্দা অঞ্জনী কুমাৰ। ইতিমধ্যে এই ঘটনাৰ ভিডিঅচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত অঞ্জনীয়ে মঞ্চত নৃত্যশিল্পীক টকা দিয়া দেখা যায়। সেই সময়ত দৰ্শকৰ মাজত বহি থকা এজন মানুহে তেওঁক গুলীচালনা কৰি আছিল।যাৰ ফলত অঞ্জনী মাটিত ঢলি পৰিল। বিষয়টো পোহৰলৈ অহাৰ লগে লগে অঞ্জনীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ইতিমধ্যে অভিযুক্তক বিচাৰি উলিয়াবলৈ আৰম্ভ কৰা হৈছে অনুসন্ধান। ৰাজনৈতিক শত্ৰুতাৰ বাবেই অঞ্জনীক হত্যা কৰা বুলি মৃতকৰ পৰিয়ালৰ অভিযোগ। এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। অনুষ্ঠানত উপস্থিত থকা দৰ্শকৰ জেৰা আৰম্ভ হৈছে। অঞ্জনীক কিয় হত্যা কৰা হল সেই কথা জানিবলৈ আগ্ৰহী আৰক্ষী।