দৰঙত ভোটকেন্দ্ৰৰ বাহিৰত মৃত্যু এগৰাকী মহিলাৰ

আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ সময়ত ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দৰঙৰ এটা ভোটকেন্দ্ৰত সংঘটিত হয় এক শোকাৱহ ঘটনা। জিলাখনৰ ১৫৬ নং গেলাইডিঙি নিম্ন প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত ভোটদান কৰি ওলাই অহাৰ পিছতেই কেন্দ্ৰটোৰ বাহিৰত এগৰাকী মহিলাৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।
মৃত মহিলাগৰাকী প্ৰয়াত তিলক কাকতিৰ পত্নী ভাৰতী বৰা কাকতি বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে মহিলাগৰাকীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ১৫৬ নং গেলাইডিঙি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰলৈ আহিছিল। ভোট দিয়াৰ পাছত মহিলাগৰাকী কেন্দ্ৰটোৰ পৰা ওলাই আহি নিজ পুত্ৰৰ সৈতে স্কুটীত ঘৰলৈ বুলি ৰাওনা হোৱাৰ সময়তে হঠাৎ অসুস্থ হৈ মহিলাগৰাকী গাড়ীৰ পৰা পৰে।
মহিলাগৰাকীক লগে লগে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ইতিমধ্যেই মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে।
ইফালে আজিৰ পৰা দুদিন পূৰ্বে দৰং জিলাতে নিৰ্বাচনী দায়িত্বত নিয়োজিত হৈ থকা এজন আৰক্ষী কনিষ্টবলৰ মৃত্য হৈছিল। কৰ্তব্যৰত অৱস্থাত মৃত্যুমুখত পৰা কনিষ্টবলজন ডিব্ৰুগড় জিলাৰ তিলক হাজৰিকা বুলি চিনাক্ত কৰা হৈছে।