NORTHEAST NOW (Assamese)

জঘন্য মানসিকতা!! মৰণোত্তৰ পৰীক্ষাগৃহত থকা বিবস্ত্ৰ মৃতদেহৰ ফটো ছ’চিয়েল মিডিয়াত দি আটক হ’ল যুৱক

September 7, 2018 9:14 pm · এন ই নাও নিউজ
মৰণোত্তৰ পৰীক্ষাগৃহত থকা হৰেন বৰাৰ পৰিয়ালৰ বিবস্ত্ৰ মৃতদেহৰ ফটো ছ'চিয়েল মিডিয়াত আপল'ড কৰি আটক হোৱা পাপু দত্ত।

দিখৌৰ বেদনাই ৰাজ্যবাসীক দহি থকাৰ সমান্তৰালভাৱে বিকৃত মানসিকতাৰ এচাম লোকে উক্ত দুৰ্ঘটনাত পতিতসকলৰ মৃতদেহৰ ফটো ছ’চিয়েল মিডিয়াত দিয়া কাৰ্য্যক তীব্ৰ গৰিহণা দিছে সচেতন ৰাইজে। কিন্তু তাৰ মাজতে তাতকৈও জঘন্য কাম কৰিলে এজন ভদ্ৰ, শিক্ষিত যুৱকে। শিৱসাগৰৰ পাপু দত্ত নামৰ এই যুৱকজনে মৰণোত্তৰ পৰীক্ষাগৃহত পৰীক্ষাৰ বাবে থোৱা অৱস্থাত হৰেন বৰাৰ পৰিয়ালটোৰ বিবস্ত্ৰ মৃতদেহকেইটাৰ ফটো ছ’চিয়েল মিডিয়াত আপল’ড কৰে।

এই কথা সণ্ঢালনি হোৱাৰ পিছত আৰু ফটোকেইখন ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত আৰক্ষীৰ চকু পৰে ঘটনাটোত।

তৎপৰতাৰে আৰক্ষীয়ে যুৱকজনক আজি জয়সাগৰৰ পৰা আটক কৰে। আনহাতে আৰক্ষীয়ে এই সন্দৰ্ভত যুৱকজনৰ বিৰুদ্ধে নিজা ববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে।

উল্লেখযোগ্য যে ১ ছেপ্তেম্বৰত দিখৌত গাড়ীসহ হৰেন বৰাৰ গোটেই পৰিয়ালটো ডুব গৈছিল। যোৱা ৫ ছেপ্তেম্বৰত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিছিল এছ ডি আৰ এফে। উদ্ধাৰ কৰাৰ সময়তো বহুতো অসামাজিক মানসিকতাৰ লোকে উৱলি যোৱা মৃতদেহৰ ফটো আৰু ভিডিঅ’ আপল’ড কৰিছিল।

Related News