NORTHEAST NOW (Assamese)
অসম

তামুলপুৰত গৰু চোৰৰ সন্দেহত যুৱকক গণ প্ৰহাৰ, মূমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰিলে আৰক্ষীয়ে

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক July 17, 2021 6:42 pm
tamm

তামুলপুৰত সংঘটিত হ’ল মৰেল পুলিচিঙৰ ঘটনা।

গণ প্ৰহাৰত গুৰুতৰ ভাৱে আহত হ’ল এজন যুৱক।

গৰু চোৰৰ সন্দেহত কৰা গণ প্ৰহাৰত  তামুলপুৰৰ গোলাপ হুচেইন নামৰ জন গুৰুতৰ ভাবে আহত হৈছে।

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলা গাঁওৰ গোলাপ হুচেইনে  তামুলপুৰৰ আনন্দ বজাৰৰ শিমলুবাৰী গাঁৱলৈ গৈ থকা অৱস্থাত পদ্ম আনন্দ বজাৰৰ দলঙৰ সমীপত একাংশ উদণ্ড যুৱকে গৰু চোৰৰ সন্দেহত মাৰধৰ কৰে ।

এই ঘটনা সংঘটিত হোৱাৰ পিছত তামুলপুৰৰ এটা আৰক্ষীৰ দলে গৈ যুৱক কেইজনৰ কৱলৰ পৰা গোলাপ হুচেইনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে।

ঘটনাৰ ২৪ ঘন্টা উকলি যোৱাৰ পিছতো তামুলপুৰ আৰক্ষীয়ে এজনো দোষীক কৰায়ত্ত কৰিব পৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে।

ইপিনে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে এবিএমছুয়ে।

এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে এনেধৰণৰ অবাঞ্ছিত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ আৰক্ষীক দাবী জনায়।