চৰম বৰ্বৰতা! মূৰ কাটি, কলিজা-যৌনাংগ উলিয়াই বন্ধুক হত্যা! ৰোমহৰ্ষক ঘটনাত স্তম্ভিত আৰক্ষী
এজন প্ৰেমিকৰ বৰ্বৰতাৰ সাক্ষী হৈ ৰ’ল আৰক্ষী আৰু বহুজন। বন্ধুজনে তেওঁৰ প্ৰেমিকাক ফোন আৰু মেচেজ কৰে। তাতেই হিতাহিত জ্ঞান হেৰুওৱাই কথিত প্ৰেমিকে বন্ধুজনৰ মূৰ কাটি পেলায়, কলিজাটো শৰীৰৰ পৰা উলিয়াই তেওঁক নিৰ্মমভাৱে হত্যা কৰি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। ঘটনাটোৰ বিষয়ে জানি আৰক্ষী স্তম্ভিত হৈ পৰে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, হায়দৰাবাদৰ ২২ বছৰীয়া অভিযুক্তজনক হৰিহৰ কৃষ্ণ বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ বিৰুদ্ধে বন্ধু নবীনক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। দুয়োজনে বন্ধু একেখন বিদ্যালয়তে পঢ়িছিল। যুৱতীগৰাকীও একেখন বিদ্যালয়ৰে ছাত্ৰী আছিল।
প্ৰথমে নবীনে যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল। যুৱতীগৰাকীও সন্মত হয়। অৱশ্যে কেইবছৰ প্ৰেমৰ পিছত তেওঁলোকৰ সম্পৰ্কৰ সমাপ্তি ঘটে। তাৰ পিছত ছোৱালীজনীয়ে হৰিহৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে। কিন্তু তেওঁ নবীনৰ সৈতে গোপন যোগাযোগ ৰাখিছিল।
হৰিহৰৰ অজ্ঞাতে নবীনে তেওঁৰ প্ৰেমিকাক ফোন আৰু মেচেজ কৰিছিল। তেওঁ আনকি তেওঁৰ ব্যক্তিগত ফটোও যুৱতীগৰাকীলৈ হোৱাটছএপত প্ৰেৰণ কৰিছিল। অভিযুক্ত হৰিহৰে বিষয়টো জনাৰ পিছত ইয়াক সহ্য কৰিব পৰা নাছিল। হত্যাৰ প্ৰকৃতিৰ পৰাই আৰক্ষীয়ে বুজি উঠিছিল যে অভিযুক্তজন বন্ধুজনৰ ওপৰত কিমান ক্ৰোধান্বিত হৈছিল।
তেওঁ বন্ধুৰ মূৰ কাটিছিল, শৰীৰৰ পৰা কলিজা আৰু যৌনাংগ উলিয়াই আনিছিল, আঙুলিবোৰ টুকুৰা টুকুৰ কৰিছিল আৰু আৰক্ষীৰ ওচৰলৈ আহি তেওঁৰ অপৰাধ স্বীকাৰ কৰিছিল।
আৰক্ষীয়ে ২২ বছৰীয়া যুৱকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু গোচৰটোৰ তদন্ত কৰি আছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
অভিযুক্ত হৰিহৰে কৈছে যে তেওঁ তেওঁৰ বন্ধুক তিনি মাহ ধৰি হত্যা কৰাৰ পৰিকল্পনা কৰি আছিল। অৱশেষত ১৭ ফেব্ৰুৱাৰীত নবীন আৰু হৰিহৰ মদ্যপ অৱস্থাত বিবাদত লিপ্ত হৈ পৰে। তাৰ পিছতে তেওঁ নবীনক নিৰ্মমভাৱে হত্যা কৰে।