NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত মহিলাৰ পৰা হেণ্ডবেগ কাঢ়ি নিয়াৰ চেষ্টা চলাই ৰাইজৰ ৰোষত পৰিল কিশোৰ

Posted by: কাজি জেইদুল ইছলাম March 5, 2019 10:17 pm
Youth-arrested-570x320

এইবাৰ বিশ্বনাথ চাৰিআলিৰ ৰাজপথত চিলনী চুৰৰ সন্ত্ৰাস। আজি দিন দুপৰতে বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ ঘাট ৰোডৰ সমীপত এগৰাকী মহিলাৰ পৰা হেণ্ডবেগ কাঢ়ি নিয়াৰ চেষ্টা চলাই এজন কিশোৰ স্থানীয় ৰাইজৰ হাতত ধৰা পৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে নাম প্ৰকাশত অনিচ্ছুক এগৰাকী মহিলাই ঘৰ অভিমুখে গৈ থকা অৱস্থাত তেওঁৰ হাতৰ পৰা চাইকেলত অহা এজন ১৭ বছৰিয়া কিশোৰে হেণ্ডবেগ কাঢ়ি লৈ যাবলৈ চেষ্টা চলায়। অৱশ্যে মহিলা গৰাকীৰ তৎপৰতাত বিফল হয় চিলনী চুৰৰ পৰিকল্পনা। আনহাতে কিশোৰ গৰাকীয়ে তাৰ পৰা পলাবলৈ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে তেওঁক কৰায়ত্ত কৰে।

ঘটনাৰ কিছু সময় পিছতে বিশ্বনাথ চাৰিআলি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু কিশোৰজনক সোধা-পোছাৰ বাবে থানালৈ লৈ যায়।