কৰিমগঞ্জত যুৱ কংগ্ৰেছৰ কৰ্মীক চোকা অস্ত্ৰৰে আক্ৰমণ এ বি ভি পি সদস্যৰ
অসমৰ এগৰাকী যুৱ কংগ্ৰেছ কৰ্মীক দেওবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যই চোকা অস্ত্ৰেৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
অসম যুৱ কংগ্ৰেছৰ কৰ্মী জয় প্ৰকাশ দাসক কৰিমগঞ্জ জিলাৰ যুৱ কংগ্ৰেছৰ “যুৱ জোড়ো যাত্ৰা”ত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি অহাৰ পথত এবিভিপিৰ সদস্যই চোকা অস্ত্ৰৰে আঘাত কৰা বুলি অভিযোগ উত্থাপন হৈছে।
ইয়াৰ লগতে ভুক্তভোগীৰ পৰা এবিভিপিৰ সদস্যই ২৭ হাজাৰ টকাও লুটি নিয়াৰ অভিযোগ উত্থাপন হৈছে।
ইফালে ভুক্তভোগী – জয় প্ৰকাশ দাসে কৰিমগঞ্জ থানাত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত এফআইআৰ দাখিল কৰিছে।
“তানিছ দেৱ, ৰাহুল ৰায় আৰু সৌমিত্ৰৰ লগতে আন কেইবাগৰাকীও ব্যক্তিয়ে মোক হত্যা কৰাৰ চেষ্টা কৰিছে। কাৰণ ইয়াৰ পূৰ্বে ২০২৩ চনৰ ২৭ ছেপ্টেম্বৰত কৰিমগঞ্জ মহাবিদ্যালয়ৰ চৌহদত তেওঁলোকে আক্ৰমণ কৰা পণ্টু মালাকাৰৰ ন্যায় বিচাৰি মই স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। লগতে তেওঁলোকে মোৰ পৰা ২৭ হাজাৰ টকা লুটপাত কৰিছে। এই টকা মই মোৰ জ্যেষ্ঠ ভাতৃ কৰণ দাস পুৰকায়স্থৰ পৰা আনিছিলোঁ।’ – এজাহাৰত এইদৰে উল্লেখ কৰিছে ভুক্তভোগী জয় প্ৰকাশ দাসে।