NORTHEAST NOW (Assamese)
অসম

বিশ্বকৰ্মা পূজাৰ উলাহৰ মাজতে শিৱসাগৰত অঘটন : অ’এনজিচি’ৰ ৰিগৰ পৰা পৰি যুৱকৰ মৃত্যু

Posted by: পার্শ্বজোতি গগৈ September 18, 2018 7:09 am
suide-750x375

সমগ্ৰ ৰাজ্যৰ লগতে সোমবাৰে বিশ্বকৰ্মা পূজাৰ উলাহ আনন্দৰ মাজতে বিয়লি ৩ বজাত শিৱসাগৰ জিলাৰ গেলেকীস্থিত অ’এনজিচি’ৰ ৰিগ E 1406 ত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। গেলেকীৰ আঠখেলত অৱস্থিত এই ৰিগটোত কাম কৰি থকা অৱস্থাত এয়াৰ উইংচৰ পুলি খহি পৰাৰ ফলত মূৰ আৰু ভৰিত গুৰুতৰভাৱে আঘাত পায় উজ্জল মৰাণ নামৰ ৰিগ মেন জনে। উজ্জলক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও ইতিমধ্যে তেওঁৰ মৃত্যু ঘটে।

আনহাতে, অ’এনজিচি কৰ্তৃপক্ষই সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উঠিছে। অ’এনজিচি’ৰ একাংশ বিষয়াৰ গাফিলতিৰ বাবেই সোমবাৰে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হ’ল বুলি অভিযোগ উত্থাপন কৰিছে ৰিগটোত কামকৰা একাংশ কৰ্মচাৰীয়ে।

তেওঁলোকৰ অভিযোগ যে বেয়া হৈ থকা পুলিটো মেৰামতি নকৰাকৈ ৰিগটোত কাম কৰিবলৈ বাধ্য কৰিছিল কেইজনমান শীৰ্ষ বিষয়াই। কৰ্মচাৰীসকলে ৰিগটোত বহুদিনৰ পৰাই সুৰক্ষা সামগ্ৰীৰ লগতে এম্বুলেঞ্চৰ দাবী কৰি আহিছিল যদিও অ’এনজিচি কৰ্তৃপক্ষই আজি পৰ্য্যন্ত এনে সুবিধাৰ ব্যৱস্থা কৰা নাছিল। যাৰ বাবে  এজন অসমীয়া যুৱকে অকালতে প্ৰাণ হেৰোৱাব লগা হ’ল।

উজ্জল মৰাণৰ ঘৰ মৰাণৰ বটামৰাত আছিল। ২০১৫ চনত উজ্জলে ৰিগমেন হিচাপে প্ৰতিষ্ঠানটোত যোগদান কৰিছিল। অ’এনজিচি কৰ্তৃপক্ষই কৰ্মচাৰীসকলৰ প্ৰতি কৰা এনে অন্যায়ৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ শিৱসাগৰ নগৰ সমিতি। সংগঠনটোৱে এই ঘটনাৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰিছে।