NORTHEAST NOW (Assamese)

নিশা লতাবাৰীত পথ দুৰ্ঘটনা : ঘটনাস্থলীতে এজন যুৱকৰ মৃত্যু, আন এজন গুৰুতৰভাৱে আহত

September 13, 2019 8:44 am · উত্তম শইকীয়া
প্রতিনিধিত্বমূলক ফটো

বৃহস্পতিবাৰে মাজনিশা বোকাখাতৰ লতাবাৰীত এক পথ দুৰ্ঘটনা সংঘৰ্টিত হয় ৷

৩৭ নং ৰাষ্ট্ৰীয় পথত ৰৈ থকা এখন ট্ৰাকত স্কুটিৰে আহি খুন্দা মৰাৰ ফলত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাটোত এ এছ ০৫-৬৫২৬ নম্বৰৰ স্কুটিৰ আৰোহী বোকাখাত নগৰৰ দিবাকৰ ৰাজবংশী নামৰ যুৱক জন ঘটনাস্থলীতে নিহত হয়।

আনহাতে, নগৰখনৰ চাৰি নং ৱাৰ্ডৰ ৰাহুল দাস নামৰ যুৱকজন দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ৷

ঘটনাস্থলীৰ পৰা দুয়োজন যুৱকক বোকাখাত আৰক্ষীয়ে বোকাখাত অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসালয়ত দিবাকৰ ৰাজবংশীক মৃত বুলি ঘোষণা কৰে।

ইয়াৰ বিপৰীতে গুৰুতৰভাৱে আহত ৰাহুল দাসক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

যুৱকদ্বয়ে স্কুটিৰে আহি পথৰ কাষত ৰৈ থকা এ এছ ২৫ চি চি -১২৫১ নম্বৰৰ ট্ৰাকখনত সন্মুখৰ পৰা সজোৰে খুন্দা মৰাৰ ফলতেই শোকাবহ ঘটনাতো সংঘৰ্টিত হয় বুলি আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰিছে ৷

Related News