NORTHEAST NOW (Assamese)
উত্তৰ-পূব

গুৱাহাটীত যুৱ অভিযন্তাৰ ৰহস্যজনক মৃত্যু; মাত্ৰ এমাহ পূৰ্বে আৱদ্ধ হৈছিল বিবাহপাশত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 11, 2026 3:59 pm

গুৱাহাটীত এজন ২৮ বছৰীয়া যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্যৰ সৃষ্টি হৈছে।, আৰক্ষী বিষয়াৰ বিপৰীত ভাষ্য, প্ৰত্যক্ষদৰ্শীয়ে আগবঢ়োৱা বুলি কোৱা তথ্য আৰু ভুক্তভোগীৰ পৰিয়ালে উত্থাপন কৰা গুৰুতৰ প্ৰশ্নত ঘটনাটো সন্দেহৰ আৱৰ্তত সোমাই পিছে।

শুকুৰবাৰে মাজ নিশা ৰুদ্ৰাক্ষ মলত সংঘটিত এক ঘটনাৰ পিছতে শনিবাৰে পুৱা চিভিল ইঞ্জিনিয়াৰ তথা মহানগৰীৰ সোণাপুৰৰ বাসিন্দা সিদ্ধান্ত দাসৰ মৃত্যু হয়।

সিদ্ধান্ত কেনেকৈ মাৰাত্মকভাৱে আঘাতপ্ৰাপ্ত হৈছিল তাৰ এক সম্যক ব্যাখ্যাৰ অভাৱৰ বাবে এই ঘটনাক কেন্দ্ৰ কৰি সন্দেহ তীব্ৰতৰ কৰি তুলিছে। এজন আৰক্ষী বিষয়াই পৰিয়ালৰ লোকক হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ পিছত চিৰিৰ পৰা তলত পৰি যোৱা বুলি কোৱাৰ বিপৰীতে আন এটা ভাষ্যত মলটোৰ সপ্তম মহলাৰ পৰা চতুৰ্থ মহলালৈ পৰি যোৱাৰ কথা কোৱা হৈছে।

আনহাতে, মলটোৰ এজন নিৰাপত্তাৰক্ষীয়ে পৰিয়ালটোক জনোৱা বুলি অভিযোগ উঠিছে যে ঘটনাৰ কিছু সময়ৰ পূৰ্বে তীব্ৰ তৰ্ক-বিতৰ্ক আৰু হুলস্থুলৰ সৃষ্টি হৈছিল।

পৰিয়ালটোৱে দাবী কৰিছে যে তেওঁলোকক ঘণ্টাৰ পিছত ঘণ্টা ধৰি সম্পূৰ্ণৰূপে আন্ধাৰত ৰখা হৈছিল। তেওঁলোকৰ মতে, এই ঘটনা নিশা সংঘটিত হয় যদিও পিছদিনা পুৱা প্ৰায় ৮ বজাতহে তেওঁলোকক এই বিষয়ে অৱগত কৰা হয়।

সিদ্ধান্তৰ মাতৃয়ে সাংবাদিকৰ আগত কয়, “কেতিয়া কেনেকৈ হ’ল আমি নাজানো। চিৰিৰ পৰা পৰিল বুলি সকলোৱে কৈছে।কিন্তু সেয়া কেনেকৈ সম্ভৱ?” তেওঁ পুত্ৰৰ মৃতদেহও চাবলৈ দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে।

পুত্ৰৰ সৈতে শেষবাৰৰ বাবে হোৱা কথা-বতৰাৰ বিষয়েও প্ৰকাশ কৰে মাতৃয়ে। তেওঁ জনায়, ‘মই সন্ধিয়া প্ৰায় ৭:৫০ বজাত তেওঁৰ লগত কথা পাতিছিলোঁ। তেওঁ জন্মদিনৰ পাৰ্টিত আছে বুলি কৈছিল আৰু কৈছিল যে এঘণ্টাৰ ভিতৰতে ঘূৰি আহিব। পিছত আকৌ ফোন কৰি কয় যে বৰষুণ দি থকাৰ বাবে শহুৰেকৰ ঘৰত থাকিব। তেওঁ মোক চিন্তা নকৰিবলৈ কৈ ৰাতিপুৱা একেলগে ব্ৰেকফাষ্ট কৰিম বুলি কয়’

ইপিনে, জন্মদিনৰ পাৰ্টিৰ আয়োজনকলৈও মাতৃগৰাকীয়ে সন্দেহ প্ৰকাশ কৰে। তেওঁ কয়, ‘তেওঁৰ দুজন ঘনিষ্ঠ বন্ধু, যাক মই ব্যক্তিগতভাৱে চিনি পাওঁ, ইয়ালৈ আহিছিল। তেওঁলোকে কৈছিল যে তেওঁলোকে কোনো পাৰ্টি আয়োজন কৰা নাছিল আৰু তেওঁলোকৰ মহলত এনে কোনো উদযাপনৰ বিষয় অৱগত নাছিল।’

পৰিয়ালৰ এজন বন্ধুৱে এই উদ্বেগসমূহৰ কথা ব্যক্ত কৰি গাফিলতি আৰু  ভুলৰ কথা আঙুলিয়াই দিছিল। তেওঁ কয়,  ‘বহু প্ৰশ্নৰ উত্তৰ নাই। কোনে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিছিল? তৎক্ষণাত পৰিয়ালক কিয় খবৰ দিয়া নহ’ল? তেওঁৰ গাড়ীখন তেতিয়াও মলৰ বেছমেণ্টত ৰখাই থোৱা আছিল। তাত কোনো প্ৰত্যক্ষদৰ্শী নাছিল।’

তেওঁ লগতে অভিযোগ কৰে যে এই ঘটনাৰ কিছু সময়ৰ পাছতে সিদ্ধান্তক জি এম চি এইচৰ জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি কৰোৱাৰ পাছতো আৰক্ষীয়ে সময়মতে পৰিয়ালটোৰ সৈতে যোগাযোগ কৰা নাছিল। তেওঁ লগতে কয়, ‘বক্তৱ্যৰ অমিল আৰু স্পষ্টতাৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক হত্যা কৰাৰ সম্ভাৱনা নিশ্চিতভাৱে আছে।‘

মাত্ৰ এমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা সিদ্ধান্তই শান্তিপুৰৰ বাসিন্দা পত্নীৰ সৈতে এই পাৰ্টিত অংশ ল’বলৈ চহৰলৈ আহিছিল বুলি জানিব পৰা গৈছে। কিন্তু মাকে দাবী কৰিছে যে প্ৰথমতে তেওঁক কোৱা হৈছিল যে তেওঁৰ বোৱাৰীয়েকে পাৰ্টিত উপস্থিত নাথাকে।

এজন নম্ৰ ব্যক্তি হিচাপে পৰিচিত সিদ্ধান্তই পৰিয়ালৰ খোৱাপানীৰ ব্যৱসায় পৰিচালনাতো সহায় কৰিছিল।

ঘটনাৰ ৰহস্যজনক পৰিস্থিতি অব্যাহত থকাৰ মাজতে পৰিয়ালটোৱে পল্টন বজাৰ থানাত আনুষ্ঠানিক অভিযোগ দাখিল কৰি তেওঁৰ মৃত্যুৰ সঠিক তদন্তৰ দাবী জনাইছে।