NORTHEAST NOW (Assamese)

ভৈৰৱকুণ্ডত ধনশিৰি নৈত সাঁতুৰিবলৈ গৈ নিখোজ যুৱক

August 17, 2020 10:19 am · চাজিদ খান
প্ৰতিনিধিত্বমূলক ফটো।

ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ ধনশিৰি নৈত সাঁতুৰিবলৈ গৈ দেওবাৰে এজন যুৱক নিখোজ হোৱাৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে।

বিষ্ণু উপাধ্যায় (৩১) বুলি চিনাক্ত হোৱা  নিখোজ যুৱকজনৰ ঘৰ ওদালগুৰি জিলাৰ খাংখালাবাৰীত।

এছডিআৰএফৰ বিষয়াসকলে মৃতদেহটো বিচাৰি অভিযান চলায় যদিও তেওঁলোকৰ সকলো চেষ্টা ব্যৰ্থ হয়।

ইয়াৰ মাজতে আৰক্ষীয়ে ঘটনাস্তলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে।

ভৈৰৱকুণ্ড এখন জনপ্ৰিয় বনভোজস্থলী আৰু ই ভূটান আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৰ ভূটানৰ দৈফাম চহৰৰ সমীপত অৱস্থিত।

ভূটানৰ পৰা ওলোৱা জামপানী নৈ আৰু ভৈৰৱী নৈয়ে ইয়াত ব্ৰহ্মপুত্ৰ এখন প্ৰধান উপনৈ ধনশিৰিত মিলিছে।

স্বাধীনতা দিৱসৰ দিনা শতাধিক লোকে বনভোজস্থলীখনত উপস্থিত হৈ প্ৰকৃতিৰ মাজত আনন্দ উপভোগ কৰে।

Related News