NORTHEAST NOW (Assamese)

মৰঙিৰ গোবিন্দপুৰ চাহ বাগিচাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত যুৱক

October 8, 2019 6:40 am · উত্তম শইকীয়া
বনৰীয়া হাতীৰ আক্ৰমণত নিহত যুৱকজন। ফটো : নৰ্থইষ্ট নাও

গোলাঘাট জিলাৰ মৰঙিৰ গোবিন্দপুৰ চাহ বাগিচাত বনৰীয়া হাতীৰ আক্ৰমণত সোমবাৰে বিয়লি এজন যুৱকৰ মৃত্য হয়। যুৱক জনৰ নাম মানস বৰুৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, গোবিন্দপুৰ চাহ বাগিচাত বিচৰণ কৰি ফুৰা এটা হাতীৰ জাকৰ ফটো ল’বলৈ গৈছিল যুৱকজন।

হাতীৰ ফটো লোৱাৰ সময়তেই এটা মদমত্ত হাতীয়ে মানস বৰুৱা নামৰ যুৱকজনক আক্ৰমণ কৰে।

হাতীৰ আক্ৰমণত ঘটনাস্থলীতে শেষ নিশ্বাস ত্যাগ কৰে মানস বৰুৱাই।

মানসৰ ঘৰ গোলাঘাট জিলাৰ নুমলীগড়ৰ ৫ নং ৰংবঙত বুলি জানিব পৰা গৈছে ৷

মানস বৰুৱাই কোনোৱা ৱেবপেজৰ বাবে হাতীৰ ফটো সংগ্ৰহ কৰিবলৈ গৈছিল বুলি স্থানীয় লোকে মন্তব্য কৰিছে।

আনহাতে, মৰঙী প্ৰেছ ক্লাবৰ মতে মানস বৰুৱাৰ মৃত্যু দুৰ্ভাগ্যজনক যদিও নিহত মানস বৰুৱা কোনো স্বীকৃতি প্ৰাপ্ত সাংবাদিক নাছিল।

Related News