NORTHEAST NOW (Assamese)

পুনৰ আলফা(স্বাঃ)ত যোগদান গুৱাহাটীৰ যুৱকৰ

May 11, 2022 2:10 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শেহতীয়াকৈ বহু যুৱক-যুৱতী নিষিদ্ধ ঘোষিত আলফা (স্বাধীন) লৈ ৰাওনা হোৱাৰ মাজতে এইবাৰ গুৱাহাটীৰ আন এজন যুৱকে আলফাত যোগদান কৰাৰ সন্দেহ কৰা হৈছে।

মহানগৰীৰ গীতানগৰৰ বাসিন্দা মানৱ ডেকা নামৰ এজন যুৱকে আলফাত যোগদান কৰা বুলি সন্দেহ কৰা হৈছে।

পেচাত কনিষ্ঠ অভিযন্তা মানৱ ডেকা যোৱা বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল।

বৃহস্পতিবাৰে পূৱা ৫.৩০ বজাতেই ঘৰৰ পৰা ওলাই গৈছিল মানৱ ডেকা।

“চিন্তা কৰিব নালাগে আৰু ফোন কৰিব নোৱাৰো” বুলি পৰিয়ালৰ লোকক মেছেজ কৰিছিল যুৱকজনে।

তাৰ পাছতে পৰিয়ালৰ লোকে মানৱে আলফা স্বাধীনত যোগদান কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছিল।

আনহাতে আলফাৰ শীৰ্ষতম মহলে প্ৰকাশ কৰা তালিকাতো গীতানগৰৰ মানৱ ডেকাৰ নাম অন্তৰ্ভুক্ত আছে।

সেয়েহে মানৱ ডেকাই আলফা স্বাধীনত যোগ দিয়াটো প্ৰায় নিশ্চিত বুলি আশংকা কৰা হৈছে।

Related News