NORTHEAST NOW (Assamese)

পাকিস্তানক সমৰ্থন কৰি ফেচবুক পোষ্ট দিয়া হাফিজুৰ ৰহমানৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ; জেইললৈ প্ৰেৰণ

February 19, 2019 5:39 pm · ময়ূখ গোস্বামী
Updated: February 19, 2019 5:56 pm
ভাৰত বিদ্বেষী পোষ্ট শ্বেয়াৰ কৰা হাফিজুৰ ৰহমান। উৎস : ফেইচবুক।

পুলৱামা সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণৰ ঘটনাৰ পিছত ফেচবুকত ভাৰত বিদ্বেষী তথা পাকিস্তানৰ সমৰ্থনত পোষ্ট দিয়া মঙলদৈৰ হাফিজুৰ ৰহমান নামৰ যুৱকজনৰ বিৰুদ্ধে ৰুজু হ’ল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ।

আজি দৰং আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে অভিযোগ পোৱাৰ পিছত ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত তেওঁক গ্ৰেপ্তাৰ কৰে। আদালতত হাজিৰ কৰোৱাৰ পিছতে আদালতে হাফিজুৰক জেইললৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।

হাফিজুৰ ৰহমান মঙলদৈ চহৰৰ ২ নং ৱাৰ্ডৰ মনছুৰ আলীৰ পুত্ৰ। তেওঁ দশম শ্ৰেণী অনুত্তীৰ্ণ বুলি জানিব পৰা গৈছে। তেওঁৰ ফেইচবুক একাউণ্টটোৰ নাম Sunny Alfatyd বুলি পোৱা গৈছে।

“দশম শ্ৰেণীতে শিক্ষা সামৰা যুৱকজনে পাকিস্তান প্ৰেমীয়ে দিয়া এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত থকা কিছুমান ছবি ৰাষ্ট্ৰৰ প্ৰতি অসন্মানজনক আছিল আৰু পাকিস্তানৰ প্ৰতি সমৰ্থনসূচক আছিল। আমি অভিযোগ পোৱাৰ পিছতে মঙলদৈ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত ১২৪(এ) ধাৰাত এটা গোচৰ ৰুজু কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰো।”, দৰং জিলাৰ উপ-আৰক্ষী অধীক্ষক মামনি হাজৰিকাই নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত কয়।

উপ আৰক্ষী-অধীক্ষকগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ ওপৰত কঢ়া নজৰ ৰাখিবলৈ ওপৰৰ পৰা নিৰ্দেশ পোৱা বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Related News