NORTHEAST NOW (Assamese)
অসম

লকডাউনৰ ইতিবাচক ফচল! টীয়কত আৰম্ভ হ’ল আয়ুষমান ডায়গ্নষ্টিক চেন্টাৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক April 26, 2021 7:59 am
Dignostic center.final

মন কৰিলেই চন। কৰ’না প্ৰতিৰোধৰ অৰ্থে চৰকাৰে ঘোষণা কৰা যোৱা  লকডাউনৰ ফলস্বৰূপে যোৰহাট জিলাৰ টীয়কৰ হস্পিতাল পথত আৰম্ভ হ’ল আয়ুষ ডায়গ্নষ্টিক চেন্টাৰ নামেৰে এটি স্বাস্থ্য পৰীক্ষাগাৰ।

টীয়কৰ তিনিজন যুৱক স্বাস্থ্য বিভাগত কৰ্মসুত্ৰে বহি:ৰাজ্যত আছিল l ২০২০ চনত দেশৰ পৰিস্থিতি ভয়ানক হৈ পৰাৰ সময়ত সকলো কাম কাজ এৰি থৈ আহিবলগীয়া হ’ল আন দহজন যুৱকৰ দৰে এই তিনিজন উদ্যমী যুৱকেও l

শেহতীয়াকৈ নিজৰ জন্মভূমিতে কিবা এটা কৰি দুবেলা দুসাজৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে এই তিনি যুৱকে।

সেইদৰে, নিজৰ কৰ্ম অভিজ্ঞতা ব্যৱহাৰ কৰি টীয়কৰ দীৰ্ঘদিনীয়া অভাৱ স্বাস্থ্যখণ্ডত এটি অত্যাধুনিক পৰীক্ষাগাৰ স্থাপন কৰি উপাৰ্জনৰ পথ সুগম কৰাৰ সমান্তৰালকৈ ৰাইজৰ সেৱাত মনোনিৱেশ কৰিবলৈ মনস্থ কৰি সপোন সাৰ্থক কৰিলে।

দেওবাৰে বিয়লি জেষ্ঠ চিকিৎসক ডা: বীনাপানি হাজৰিকাই কেইবাগৰাকীও বিশিষ্ট চিকিৎসকৰ উপস্থিতিত ফিটা কাটি উদ্বোধন কৰা এই পৰীক্ষাগাৰটোৰ বাবে বৃহত্তৰ টীয়কৰ লগতে দাঁতিকাষৰীয়া বহু অঞ্চলৰ ৰাইজৰ সুবিধা হ’ব বুলি আশা প্ৰকাশ কৰিছে যুৱক কেইজনে।

তেওঁলোকে লগতে বহি:ৰাজ্যত থকা প্ৰতিগৰাকী যুৱক-যুৱতীক ঘুৰি আহি নিজৰ স্থানতে এনেদৰে ৰাইজ উপকৃত হ’ব পৰাকৈ তেওঁলোকৰ ৰুচি অনুসৰি পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।