NORTHEAST NOW (Assamese)
অসম

নিৰ্মম!  চুৰিৰ সন্দেহত হাত-ভৰি ভাঙি চানমাৰী উৰণ সেঁতুৰ পৰা দলিয়াই দিলে এজন যুৱকক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 12, 2024 8:55 pm

গুৱাহাটীত চুৰিৰ অভিযোগত এজন যুৱকক হাত-ভৰি বান্ধি চানমাৰী উৰণীয়া সেতুৰ পৰা তললৈ দলিয়াই দিলে কেইজনমান মৰেল পুলিচে।

ফলত গুৰুতৰভাৱে আহত হয় যুৱকজন।

জানিব পৰা আহত যুৱকজন ভাস্কৰ নগৰৰ ৰকিবুল আলী।

অনুপম নিৰ্মল প্ৰাইভেট লিমিটেড নামৰ এটা নিৰ্মাণ কোম্পানীৰ সামগ্ৰী চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনৰ বিৰুদ্ধে।

খবৰ অনুসৰি, উক্ত কোম্পানীটোৰেই কেইজনমান কৰ্মচাৰীয়ে আলীক প্ৰহাৰ কৰাৰ লগতে হাত-ভৰি বান্ধি উৰণ সেঁতুৰ ওপৰৰ পৰা তললৈ দলিয়াই দিয়ে। ফলত ৰক্তাক্ত হৈ পৰে যুৱকজন।

ঘটনাৰ ফলৰ লাভ কৰি চানমাৰী আৰক্ষীয়ে আলীক তাৎক্ষণিক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

আনহাতে, নির্মাণ কোম্পানী অনুপম নিৰ্মল প্ৰাইভেট লিমিটেডৰ মেনেজাৰকে ধৰি পাঁচজন লোকক আটক কৰে।

ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে।