NORTHEAST NOW (Assamese)

গোৱালপাৰাত বন্য হাতীৰ গচকত যুৱকৰ মৃত্যু

December 20, 2022 8:49 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 20, 2022 9:52 pm

হাতী-মানুহৰ সংঘাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি কৰিছে আতংকময় পৰিস্থিতি। খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ আক্ৰমণত ৰাজ্যত বিগত সময়চোৱাত বহুকেইজন লোকে প্ৰাণ হেৰুওৱাইছে। মঙলবাৰে পুনৰ বনৰীয়া হাতীৰ গচকত গোৱালপাৰাত প্ৰাণ হেৰুৱাইছে এজন যুৱকে।

প্ৰকাশিত খবৰ অনুসৰি, গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৱৰ্তী লখিমপুৰ অঞ্চলৰ এগৰাকী যুৱক বনৰীয়া হাতীৰ গচকত নিহত হৈছে। শস্যৰ পথাৰলৈ ওলাই অহা হাতীটোক খেদি পঠিয়াবলৈ গৈ নিহত হয় মাৰ্শ্বাল চাংমা নামৰ যুৱকজন।

ঘটনাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বন বিভাগে লগে লগে অঞ্চলটোত জোৱান মোতায়েন কৰে।

উল্লেখ্য যে, যোৱা সপ্তাহতো গোৱালপাৰা জিলাত বনৰীয়া হাতীৰ দুটাকৈ পৃথক আক্ৰমণত শিশুসহ চাৰিজন লোক নিহত হৈছিল।

বৃহস্পতিবাৰে বিয়লি লখিমপুৰ অঞ্চলৰ মাজেৰে পাৰ হোৱা ১২ নং ৰাষ্ট্ৰীয় ঘাইপথত তিনিখন বাহনত বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰাৰ ফলত শিশুসহ তিনিগৰাকীৰ থিতাতে মৃত্যু হৈছিল।

জিলাখনতে সংঘটিত হোৱা আন এক বন্যহস্তীৰ আক্ৰমণত শ্বাহদেৱ ৰায় নামৰ এগৰাকী বনকৰ্মী নিহত হৈছিল।

Related News