NORTHEAST NOW (Assamese)
অসম

তামিলনাডুত বিহাৰীৰ ওপৰত আক্ৰমণৰ ভুৱা ভিডিঅ’ বনোৱা ইউটিউবাৰ মনীষ কাশ্যপৰ আত্মসমৰ্পণ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 18, 2023 12:13 pm

তামিলনাডুৰ বিহাৰী লোকসকলৰ ওপৰত হোৱা আক্ৰমণৰ বিভ্ৰান্তিকৰ বাতৰি আৰু ভিডিঅ’ পোষ্ট কৰাৰ অভিযোগত অভিযুক্ত ইউটিউবাৰ মনীষ কাশ্যপে শনিবাৰে বেতিয়াৰ জগদীশপুৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। ইয়াৰ পিছত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ইক’নমিক অ’ফেন্স ইউনিট (EOU) দলটোৱে নিৰন্তৰ মনীষ কাশ্যপক গ্ৰেপ্তাৰৰ বাবে সন্ধান কৰি আছিল। এই সন্দৰ্ভত অভিযানকাৰী দলৰ এছ পি সুশীল কুমাৰে কয় যে আৰক্ষীৰ অভিযান আৰু তালাচী আৰম্ভ হোৱাৰ লগে লগে মনীষে আত্মসমৰ্পণ কৰিছে। মনীষ কাশ্যপে আত্মসমৰ্পণ কৰাৰ পিছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক: অশান্ত ম্যানমাৰৰ বৌদ্ধ মন্দিৰত তিনিজন বৌদ্ধ ভিক্ষুসহ ২২ জন লোকক গুলীয়াই হত্যা

“তামিলনাডুত কৰ্মৰত বিহাৰৰ বাসিন্দাসকলৰ বাবে অসত্য, বিভ্ৰান্তিকৰ আৰু উন্মত্ত ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগত অভিযুক্ত মনীষ কাশ্যপে বিহাৰ আৰক্ষী আৰু EOU ৰ হেঁচাৰ বাবে বেতিয়াৰ জগদীশপুৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।

ইয়াৰ আগতে, EOU-য়ে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছিল আৰু মনীষ কাশ্যপৰ বেংক একাউণ্ট ফ্ৰীজ কৰিছিল। মনীষ কাশ্যপৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ প্ৰমাণো পোৱা গৈছে, যাৰ ওপৰত তদন্ত চলি আছে। 

মনীষ কাশ্যপ বিহাৰৰ বেতিয়াৰ বাসিন্দা। তেওঁৰ বিৰুদ্ধে সাতটা গোচৰ আছে যাৰ ভিতৰত পাঁচটা গোচৰৰ অভিযোগনামা দাখিল কৰা হৈছে। তেওঁ এটা গোচৰত জামিন লাভ কৰিছে।