NORTHEAST NOW (Assamese)
দেশ

ৰীল বনাবলৈ গৈ ৰে’ল যাত্ৰীক চৰ সোধালে ইউটিউবাৰে! গ্ৰেপ্তাৰৰ পিছত অনুশোচনাত ভুগি বিচাৰিলে ক্ষমা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 2, 2025 10:33 pm

সামাজিক মাধ্যমত জনপ্ৰিয় হবলৈ মানুহে কি কি যে কৰা নাই! এইবাৰ ৰীল বনোৱাৰ সময়ত ৰে’ল যাত্ৰীক চৰ সোধালে এজন ইউটিউবাৰে।

বিহাৰৰ অনুৰাগ নাৰায়ণ ৰোড ৰেল ষ্টেচনত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে অভিযুক্ত যুৱকজনৰ নাম ৰিতেশ কুমাৰ। অভিযোগ অনুসৰি কেৱল ৰীল বনোৱাৰ বাবেই ৰেলৰ ডবাত বহি থকা এজন ব্যক্তিক প্ৰহাৰ কৰে ৰিতেশে। বিষয়টো জানিব পৰাৰ লগে লগে আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে এই ঘটনাৰ ভিডিঅচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ৰেলখন যাবলৈ ওলোৱাৰ সময়তে ৰিতেশে হঠাৎ খিৰিকীৰ কাষত বহি থকা এজন অচিনাক্ত যাত্ৰীক চৰ মৰাৰ দৃশ্য দেখা গৈছে ভাইৰেল ভিডিঅ’টোত।

এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত নেটিজেন সকলে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে। বহুতে ইউটিউবাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰে’লৱে বিভাগক দাবী জনাযইছে।

ইফালে এই ভিডিঅদেখা পোৱআৰ পিছত ৰেল আৰক্ষী বাহিনীয়ে অভিযুক্ত ৰিতেশক গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পিছতে ৰিতেশে ক্ষমা খুজি নিজৰ প্ৰফাইলত এটা ভিডিঅপোষ্ট কৰে। ভুল স্বীকাৰ কৰি তেওঁ এনে ভিডিঅপোষ্ট কৰি ফৱাৰ বৃদ্ধি কৰিব বিচৰাৰ কথা কয়। লগতে তেওঁ ভৱিষ্যতে কেতিয়াও তেনেকুৱা কাম নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে।

আৰ পি এফৰ এক বিবৃতিত কোৱা হৈছে যে চলন্ত ৰেলত যাত্ৰীক চৰ মৰাৰ বাবে এজন ইউটিউবাৰক গ্ৰেপ্তাৰ কৰা হৈছে। যাত্ৰীৰ সুৰক্ষা আমাৰ বাবে সদায় গুৰুত্বপূৰ্ণ। গতিকে এনে কাম সহ্য কৰা নহব।