NORTHEAST NOW (Assamese)

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm · এন ই নাও নিউজ, গুৱাহাটী

ওড়িশাৰ কোৰাটপুৰ জিলাৰ ডুডুমা জলপ্ৰপাতলৈ গৈ ৰিল বনাই মৃত্যুক আকোঁৱালি লয় এগৰাকী ইউটিউবাৰে। কিন্তু সেয়া দুঃস্বপ্ন হৈ পৰিল। প্ৰচণ্ড সোঁতত উটি গল এজন ইউটিউবাৰ। মৃত লোকজনৰ নাম সাগৰ টুডু। বয়স ২২ বছৰ। অডিছাৰ গঞ্জাম জিলাৰ বেৰহামপুৰৰ বাসিন্দা আছিল তেওঁ।

আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে বিয়লি সাগৰ আৰু তেওঁৰ বন্ধু অভিজিৎ বেহেৰা ইউটিউবৰ বাবে ৰিল বনাবলৈ দুডুমা জলপ্ৰপাতলৈ গৈছিল। ড্ৰোন কেমেৰাৰ জৰিয়তে ৰেকৰ্ডিং কৰি আছিল। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়। হঠাৎ জলপ্ৰপাতত পিছলি পানীত পৰিল আৰু তাৰ পিছত প্ৰচণ্ড সোঁতত ডুব গল। ইতিমধ্যে এই দুৰ্ঘটনাটোৰ এটা ভিডিঅ চিয়েল মিডিয়াত ভাইৰেল হৈছে। ইয়াত সাগৰ জলপ্ৰপাতটোৰ মাজত শিল এটাৰ ওপৰত থিয় হৈ থকা দেখা গৈছে। প্ৰচণ্ড সোঁতৰ বাবে তেওঁ পিছলৈ ঘূৰিব পৰা নাই। তেওঁক উদ্ধাৰৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় একাংশ বাসিন্দা। তেওঁৰ ওপৰত ৰছী নিক্ষেপ কৰা হৈছে। কিন্তু তাৰো কোনো লাভ নাই। ইয়াৰ পাছত হঠাৎ পিছলি পানীত পৰিল আৰু সোঁতে উটুৱাই লৈ গল।

এই তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল। কিন্তু দীৰ্ঘদিন ধৰি তালাচী চলোৱাৰ পিছতো তেওঁৰ কোনো সন্ধান পোৱা নগল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। দেওবাৰ আৰু সোমবাৰেও অনুসন্ধান অব্যাহত আছিল। অৱশ্যে তেওঁৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই।

Related News