NORTHEAST NOW (Assamese)

হাৰ্দিকে মোৰ নামত থকা দ্ৰুততম টি-২০ অৰ্ধশতৰানৰ অভিলেখ ভংগ কৰিব পাৰিব : যুৱৰাজ সিং

May 13, 2020 10:43 am · এন ই নাও নিউজ

বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডেয়া সন্দৰ্ভত মত প্ৰকাশ কৰিছে বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অন্যতম সফল ক্ৰিকেটাৰ যুৱৰাজ সিঙে।

হাৰ্দিক পাণ্ডেয়াক প্ৰশংসা কৰি যুৱৰাজ সিঙে পাণ্ডেয়াই তেওঁৰ নামত থকা দ্ৰুত টি-২০ অৰ্ধশতৰানৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হ’ব বুলি কয়।

‘‘পাণ্ডেয়া সেইজন খেলুৱৈ যি মোৰ দ্ৰুত টি-২০ অৰ্ধশতৰানৰ অভিলেখ ভংগ কৰিব পাৰিব,’’ যুৱৰাজ সিঙে কয়।

‘‘এজন সফল অলৰাউণ্ডাৰ হোৱাৰ সকলো গুণ হাৰ্দিকৰ গাত আছে….কিন্তু এই যাত্ৰাত হাৰ্দিকক কিছু পৰিমাণে পথ প্ৰদৰ্শকৰ প্ৰয়োজন আছে,’’ যুৱৰাজ সিঙে লগতে এইদৰে কয়।

আনহাতে, হাৰ্দিক পাণ্ডেয়াই স্বাভাৱজাত আক্ৰমণাত্মক শৈলীৰে খেলি দ্ৰুতভাৱে ৰান সংগ্ৰহ কৰিবলৈ সক্ষম বুলি যুৱৰাজ সিঙে মত প্ৰকাশ কৰে।

যুৱৰাজ সিঙে ২০০৭ চনৰ টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ১২ টা বলত দ্ৰুততম অৰ্ধশতৰাণৰ অভিলেখ গঢ়িছিল।

উক্ত ইনিংছটোত যুৱৰাজ সিঙে ইংলেণ্ডৰ বেগী বলাৰ ষ্টুৱাৰ্ড ব্ৰ’ডক ছয়টা বলত ছয়টা ছিক্সাৰ কোবাইছিল।

যুৱৰাজ সিঙে ভাৰতীয় দলে ২০০৭ চনত টি-২০ বিশ্বকাপ আৰু ২০১১ চনত এদিনীয়া বিশ্বকাপ জয় কৰাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা আগবঢ়াইছিল।

Related News