NORTHEAST NOW (Assamese)
অসম

‘মোৰ সপোন-মোৰ দিঠক’ : সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সঞ্চালনাত যুৱ-সংসদৰ মনোজ্ঞ অনুষ্ঠান সম্পন্ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 20, 2020 8:21 pm
20-12-2020 Photo

অসম সাহিত্য সভাৰ যুৱ-সংসদ উপ-সমিতিৰ উদ্যোগত আজি গুৱাহাটীৰ সাহিত্য সভাৰ ভগৱতী প্রসাদ বৰুৱা ভৱনত ‘মোৰ সপোন, মোৰ দিঠক’ শীৰ্ষক এটি ‘আড্ডা অনুষ্ঠান’ অনুষ্ঠিত হয়।

আজি বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত উক্ত অনুষ্ঠানত মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অন্যান্যসকলৰ লগত ‘মোৰ সপোন, মোৰ দিঠক’ বিষয়ৰ ওপৰত মত বিনিময় কৰে সভাৰ শাপতি ডঃ কুলধৰ শইকীয়া, বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী আৰু মঞ্জু দেৱী পেগুয়ে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই কয়-“প্রত্যেক মানুহৰে সপোন থাকে। এই সপোনবোৰ সফলতাৰে দিঠকত পৰিণত কৰিবলৈ সকলোৱেই অহোপুৰুষাৰ্থ কৰে। ঠিক সেইদৰেই অসম সাহিত্য সভাইয়ো বৰ্তমান অসমৰ জনজীৱনক লৈ দেখা সপোনবোৰ আমি বাস্তৱায়িত কৰিব লাগিব। ইয়াৰ বাবে আমাক সকলোৰে সহযোগিতা লাগিব।”

ইফালে অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী আৰু মঞ্জু দেৱী পেণ্ডয়ে তেওঁলোকৰ সপোনবোৰ বাস্তাৱায়িত কৰাত কেনেদৰে অহোপুৰুষাৰ্থ কৰিছিল সেই সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে।

অসম সাহিত্য সভাৰ ‘সভাপতি ডঃ কুলধৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী, বিশিষ্ট গল্পকাৰ ডাঃ অপূৰ্ব কুমাৰ শইকীয়া, বিশিষ্ট লেখিকা লীনা শৰ্মা, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া-লেখক থানেশ্বৰ মালাকাৰ, লেখক গোপাল জালান, অধ্যাপক ড‘ অম্বেশ্বৰ গগৈ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।

যুৱ সংসদ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল বৰ্মণে আঁত ধৰা অনুষ্ঠানত কটন বিশ্ববিদ্যালয়কে ধৰি গুৱাহাটীৰ কেবাখনো মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়া, অনুৰাধা শৰ্মা পূজাৰী আৰু মঞ্জু দেৱী পেগুৰ সৈতে ভিন্ন বিষয়ত মত বিনিময় কৰে।