NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ মুকলি কৰাৰ দাবীত প্ৰতিবাদ যুৱ ছাত্ৰ পৰিষদৰ; সোণোৱাল, তেলীৰ পুত্তলিকা দাহ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ November 10, 2020 6:43 pm

মাৰ্ঘেৰিটা মহকুমাৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ তথা ৰাজহুৱা খণ্ড উদ্যোগ উত্তৰ-পূব কয়লা ক্ষেত্ৰ বিগত ৩ জুনৰ পৰা সাময়িকভাবে বন্ধ হৈ পৰাৰ পাছত পুনৰ মুকলি কৰাৰ বাবে বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰি অহিছে।

ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীক সাক্ষাৎ কৰাৰ পাছত  অক্টোবৰ পৰা প্ৰতিষ্ঠানটো আৰম্ভ হোৱাৰ কথা উল্লেখ কৰিছিল যদিও আজি নবেম্বৰৰ প্ৰথম সপ্তাহৰ সমাপ্তিৰ পাছতো উদ্যোগটোৰ উৎপাদন আৰম্ভ নোহোৱাত ক্ষুণ্ণ হৈ উঠিছে সংগঠন সমূহ।

আজি লিডুত যুৱ ছাত্ৰ পৰিষদে উত্তৰ পূৱ কয়লা ক্ষেত্ৰ মুকলি কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ পুনৰ মুকলি কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীৰ পুত্তালিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়।

মাৰ্ঘেৰিটাৰ লিডুৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদকাৰীসকলে এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।

প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে-কাৰ্ড লৈ বিজেপি চৰকাৰ হায়, হায়, বিজেপি চৰকাৰৰ কাম নাই, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, কয়লা উদ্যোগ শীঘ্ৰে মুকলি কৰক, ৰামেশ্বৰ তেলীৰ কাম নাই আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

মাৰ্ঘেৰিটাৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ কয়লা উদ্যোগটো বিগত তিনি জুনৰ পৰা বন্ধ হৈ পৰাৰ পাছত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ইয়াৰ পুনৰ মুকলি কৰাৰ বাবে কোনো ধৰণৰ কাৰ্য্যকৰী পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰী সকলে।

উদ্যোগটো মুকলি কৰাৰ ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলিও লগতে হুংকাৰ দিয়ে।