NORTHEAST NOW (Assamese)
ক্ৰীড়া

কোনে পাব আই পি এলৰ অৰেঞ্জ কেপ আৰু পাৰ্পল কেপ! চাহালৰ ভৱিষ্যত বাণী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 4, 2024 6:29 pm
IPL 2024 Yuzvendra Chahal Virat Kohli

অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব বিশ্বৰ ভিতৰতে ব্যয়বহুল ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এল। প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ প্ৰাকমুহূৰ্তত তাৰকা ভাৰতীয় স্পিনাৰ যুজবেন্দ্ৰ চাহালে কৰিছে এক বিশেষ ভৱিষ্যত বাণী।

আইপিএল ফ্ৰেন্সাইজি ৰাজস্থান ৰয়েলছৰ গুৰুত্বপূৰ্ণ খেলুৱৈ চাহালে আই পি এলৰ আগন্তুক সংস্কৰণৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে অৰেঞ্জ কেপ আৰু সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পাৰ্পল কেপ কোনে লাভ কৰিব পাৰে, তাৰ ভৱিষ্যত বাণী কৰিছে।

এক ইউটিউব চেনেলৰ সাক্ষাৎকাৰত চাহালক এই সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল। চাহালে প্ৰথমে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে ব্যঙ্গাত্মকভাৱে নিজৰ নাম কয়। অৱশ্যে পিছত তেওঁ ৰাজস্থান ৰয়েলছৰ সতীৰ্থ জ’ছ বাটলাৰ বা যশস্বী জয়ছোৱালৰ মাজত কোনো এগৰাকীয়ে অৰেঞ্জ কেপ লাভ কৰিব বুলি মন্তব্য কৰে।

চাহালক সৰ্বাধিক উইকেট দখলকাৰী কোন হ’ব, সেই সন্দৰ্ভতো প্ৰশ্ন কৰা হৈছিল। এই প্ৰশ্নৰ উত্তৰত খেলুৱৈগৰাকীয়ে নিজকে পাৰ্পল কেপৰ সম্ভাৱ্য বিজয়ী হিচাপে প্ৰক্ষেপ কৰে। আনহাতে গুজৰাট টাইটানছৰ স্পিনাৰ ৰছিদ খান এই ক্ষেত্ৰত দ্বিতীয় স্থানত থাকিব বুলি পূৰ্বানুমান কৰে চাহালে।

উল্লেখ্য যে বিগত কেইবাটাও বছৰত চাহাল সীমিত অভাৰৰ ক্ৰিকেটত ভাৰতৰ প্ৰথম পছন্দৰ স্পিনাৰ হিচাপে বিবেচিত হৈছিল যদিও যোৱা কিছু সময়ত তেওঁ ভাৰতীয় দলৰ পৰাই বাহিৰত থাকিবলগা হৈছে। শেহতীয়াকৈ তাৰকাগৰাকী বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ পৰাও বাদ পৰিছে।

এনে অৱস্থাত চাহালে আই পি এলত নিজকে প্ৰমাণিত কৰি ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিবলৈ নিশ্চিতভাৱে চেষ্টা কৰিব। এই ক্ষেত্ৰত তাৰকা স্পিনাৰগৰাকী কিমান দূৰ সফল হ’ব বা তেওঁৰ ভৱিষ্যত বাণী সফল হ’ব নে নহয়, সেয়া হ’ব লক্ষণীয়।