NORTHEAST NOW (Assamese)
Popular Stories

অৱশেষত চূড়ান্ত হ’ল জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্রিয়াৰ স্থান…!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 21, 2025 6:38 pm
অৱশেষত চূড়ান্ত হ’ল জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্রিয়াৰ স্থান…!

প্ৰিয় শিল্পী জুবিন গাৰ্গৰ শেষকৃত ক’ত হ’ব এই লৈ অনুৰগীসকলৰ মাজত চলিছে বিভিন্ন জল্পনা-কল্পনা। গুণমুগ্ধৰ জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত অন্ত্যেষ্টিক্রিয়া সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে পৰিয়াল আৰু চৰকাৰে।

সোণাপুৰৰ কমাৰকুছিত সম্পন্ন হ’ব জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্রিয়া। দিচাং ৰিজ’ৰ্টৰ সমীপৰ হাতীমূৰা টিলাত হ’ব তেওঁৰ সমাধিস্থল। পত্নী গৰিমা গাৰ্গ তথা পৰিয়ালবৰ্গৰ সৈতে আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে বুলি সদৰী কৰিছে।

মন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত আৰু বিমল বৰাৰ লগত গৰিমাৰ আলোচনাত এই সিদ্ধান্ত চূড়ান্ত হৈছে। চৰকাৰে প্ৰথমে যোৰহাট আৰু সোণাপুৰক নিৰ্বাচন কৰিছিল, কিন্তু গৰিমা গাৰ্গে জুবিনৰ সমাধিস্থলৰ বাবে সোণাপুৰৰ কমাৰকুছিক চূড়ান্ত কৰে।