জুবিন গাৰ্গ হত্যাৰ ৫ অভিযুক্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত জড়িত পাঁচজন অভিযুক্তৰ জেল যাত্ৰা আজি আৰম্ভ হৈছে। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত চিআইডিয়ে গ্ৰেপ্তাৰ কৰা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা আৰু সন্দীপন গৰ্গক ১৪ দিনৰ আৰক্ষী জিম্মাৰ ম্যাদ পূৰণৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
একে সময়তে জুৱিনৰ ভাতৃ সন্দীপন গাৰ্গকো ৮ অক্টোবৰত গ্ৰেপ্তাৰ কৰাৰ পিছত হেণ্ডকাফ লগাই আদালতলৈ নিয়া হয় আৰু তেওঁৰো আৰক্ষী জিম্মাৰ ম্যাদ আজি শেষ হয়।
আনহাতে, দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰো আৰক্ষী জিম্মাৰ ম্যাদ আজি অন্ত হৈছিল। তেওঁলোককো শ্যামকানু, সিদ্ধাৰ্থ আৰু সন্দীপনৰ সৈতে একেলগে আদালতত হাজিৰ কৰা হৈছিল। আদালতে তেওঁলকক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ আদেশ দিছে।