NORTHEAST NOW (Assamese)
অসম

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জুবিন গাৰ্গ: মূৰত পৰিছে পাঁচটাকৈ চিলাই, উন্নত চিকিৎসা ব্যৱস্থাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

Posted by: জাহ্নৱী বৰুৱা/কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা/কল্পজ্যোতি শইকীয়া, গুৱাহাটী July 20, 2022 12:23 pm
Zubeen Garg

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ তথা সাম্প্ৰতিক অসমীয়া সংগীত জগতৰ প্ৰাণস্বৰূপ জুবিন গাৰ্গ। যোৱা নিশা বাথৰূমত পৰি মূৰত গুৰুতৰ আঘাত পোৱা জুবিন গাৰ্গ বৰ্তমান ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছে।

যোৱা নিশা ডিব্ৰুগড়ৰ মনোহাৰি ৰিজৰ্টত থকাৰ সময়তে অসাৱধানতা বশত: বাথৰুমত পৰি আঘাতপ্ৰাপ্ত হৈছিল জুবিন গাৰ্গ। মূৰত গুৰুতৰ আঘাত পোৱাৰ পিছতে কিছু সময়ৰ বাবে অচেতন হৈ পৰিছিল গায়ক গৰাকী। দুৰ্ঘটনাৰ পিছতে তাৎক্ষণিকভাৱে তেওঁক স্থানীয় ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়। জানিব পৰা মতে মূৰত পাঁচটাকৈ চিলাই পৰিছে জুবিন গাৰ্গৰ।

আজি পুৱা পুনৰ কিছু অসুস্থ অনুভৱ কৰাৰ পিছত তেওঁক স্থানীয় সঞ্জীৱনী হাস্পতাললৈ লৈ যোৱা হয়। অৱশ্যে সম্প্ৰতি গায়ক গৰাকী সংকটমুক্ত বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে। লগতে তেওঁৰ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকগৰাকীয়ে ২৪ ঘণ্টাৰ বাবে কণ্ঠশিল্পীগৰাকীক নিৰীক্ষণত ৰখা হ’ব বুলি উল্লেখ কৰিছে।

 বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা জনপ্ৰিয় গায়কগৰাকীৰ চিকিৎসা কৰি থকা হৈছে বুলি চিকিৎসালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে।

আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গে যাতে সকলো ধৰণৰ উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ ডিব্ৰুগড় জিলা উপায়ুক্তক নিৰ্দেশ দিছে৷

প্ৰয়োজন সাপেক্ষে শিল্পীগৰাকীক গুৱাহাটী নতুবা ৰাজ্যৰ বাহিৰলৈ উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চযোগে নিয়াৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে৷

মুখ্যমন্ত্ৰীয়ে লগতে জুবিন গাৰ্গৰ চিকিৎসা সেৱা প্ৰদান সম্বন্ধীয় সমগ্ৰ প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে৷