NORTHEAST NOW (Assamese)
অসম

দিল্লী লৈ নিয়া হ’ব জুবিন গাৰ্গৰ চিতাভস্ম : গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত বিসৰ্জন দিয়া হ’ব গংগাত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 23, 2025 7:17 pm

দিল্লীত বাস কৰা অসমৰ লোকসকলে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে দিল্লীলৈ লৈ যোৱা হ’ব জুবিন গাৰ্গৰ চিতাভস্ম। এই কথা সদৰী কৰিছে আসাম এছোচিয়েছনৰ দিল্লীৰ সাধাৰণ সম্পাদক সুশোভন তালুকদাৰে।

তালুকদাৰে জনোৱা মতে, ইয়াৰ দ্বাৰা দিল্লীত থকা অসমীয়া সমাজক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ দিয়া হব।

প্ৰবাসী অসমীয়া সকলৰ সাংস্কৃতিক কেন্দ্ৰ দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত ৰখা হ’ব এই চিতাভস্ম।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অন্তত এই ভস্মখিনি হৰিদ্বাৰলৈ লৈ যোৱা হব আৰু পবিত্ৰ গংগাত বিসৰ্জন দিয়া হ’ব।

বুধবাৰে জুবিন গাৰ্গৰ চিতাভস্ম দিল্লীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। দিল্লীত যাতে সকলোৱে সংগঠিতভাৱে শ্ৰদ্ধাঞ্জলি জনাব পাৰে তাৰ বাবে শংকৰদেৱ ভৱনত প্ৰস্তুতি অব্যাহত আছে।