NORTHEAST NOW (Assamese)

জুবিনক এতিয়ালৈ ন্যায় দিব নোৱাৰাটো আমাৰ সকলোৰে বাবে ক্ষতি: কুনাল গাঞ্জাৱালা

November 22, 2025 7:55 pm · এন ই নাও নিউজ, গুৱাহাটী

জুবিন গাৰ্গক এতিয়ালৈকে ন্যায় দিব নোৱাৰাটো আমাৰ সকলোৰে বাবে এক ডাঙৰ ক্ষতি। অসম আৰু উত্তৰ-পূবৰ দৰ্শকে জুবিনৰ প্ৰতিভাক সদায় উচ্চ সন্মান জনাই আহিছে। জুবিনে অসমক প্ৰাণভৰি ভাল পাইছিল বাবেই মুম্বাইৰ মায়া এৰি গুচি আহিছিল এই মন্তব্য বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কুনাল গাঞ্জাৱালাৰ।

পাঠশালাত অনুষ্ঠিত ৰাস মহোৎসৱৰ সোণালী জয়ন্তীৰ অন্তিম নিশাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ শুকুৰবাৰে নিশা উপস্থিত হয় বলীউদৰ এইগৰাকী প্ৰখ্যাত শিল্পী। মঞ্চত উপস্থিত হৈয়েই প্ৰথমে তেওঁ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৱেগিক হৈ পৰে।

কুনাল গাঞ্জাৱালাই স্মৃতিচাৰণ কৰি কয়, “জুবিনে কেতিয়াও মুম্বাইত থাকি ভালপোৱা নাছিল। তেওঁ প্ৰায়েই কৈছিল যে অসমৰ মানুহবোৰ বৰ মৰমিয়াল। জুবিনৰ দৰে অনন্য কণ্ঠ মই মোৰ জীৱনত কেতিয়াও শুনা নাই।”

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠান পৰিৱেশনৰ পূৰ্বে তেওঁ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায়। জুবিনৰ সৈতে কটোৱা মধুৰ মুহূৰ্তবোৰ সুঁৱৰি তেওঁ কয় যে বৰ্তমানলৈকে জুবিনৰ দৰে শিল্পী এগৰাকীৰ ঘটনাত ন্যায় নোপোৱাটো অতি দুৰ্ভাগ্যজনক।

জানিব পৰা মতে, কুনাল গাঞ্জাৱালাই আজি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰিব। ইয়াৰ পিছতে সন্ধিয়া তেওঁ বৰপেটাৰোডৰ ৰাস মহোৎসৱত গীত পৰিবেশন কৰিব।

উল্লেখ্য যে, জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি যোৱা দুমাহ সম্পূৰ্ণ হল। তেওঁৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু ইতিমধ্যে এছআইটিৰ (SIT) জৰিয়তে বহু লোকক সোধা-পোছা কৰা হৈছে। জুবিনৰ মৃত্যুৰ সৈতে জড়িত প্ৰকৃত দোষীয়ে যাতে কোনোমতেই সাৰি যাব নোৱাৰে আৰু শীঘ্ৰেই যাতে উচিত শাস্তি পায়, তাৰ বাবে সমগ্ৰ অসমবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে।

ইয়াৰ মাজতে ৰাজ্যবাসীয়ে জুবিনবিহীন প্ৰথমটো জন্মদিন পালন কৰে। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ হাজাৰ হাজাৰ অনুৰাগীয়ে কৰবাত মায়াবিনী গীত গাই আৰু কৰবাত নাহৰ পুলি ৰোপণ কৰি আৱেগেৰে তেওঁৰ জন্মদিন উদযাপন কৰে।

Related News