NORTHEAST NOW (Assamese)
অসম

কৰ্ণাটকত নিৰ্মাণ কৰা হ’ব জুবিন গাৰ্গৰ স্মৃতিসৌধ : আদ্যশ্ৰাদ্ধত উপস্থিত হৈ জনালে উপ-মুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 1, 2025 9:45 pm
কৰ্ণাটকত নিৰ্মাণ কৰা হ’ব জুবিন গাৰ্গৰ স্মৃতিসৌধ : আদ্যশ্ৰাদ্ধত উপস্থিত হৈ জনালে উপ-মুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰে

কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে আজি যোৰহাটত অনুষ্ঠিত আদ্যশ্ৰাদ্ধত উপস্থিত হৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায়।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শিৱকুমাৰে জুবিনক “অসমৰ ৰাষ্ট্ৰদূত বুলি  অভিহিত কৰি কয় যে তেওঁৰ সংগীতে ভাষা আৰু ভূগোলৰ সীমা অতিক্ৰম কৰিছে।

“জুবিন তেওঁৰ সংগীত, সংস্কৃতি অমৰ। ভাৰতীয় সংগীতৰ ইতিহাসৰ পৰা তেওঁৰ অৱদান মচিব নোৱাৰি। সমগ্ৰ বিশ্বৰ মানুহে তেওঁৰ কলাক প্ৰশংসা কৰে। আনকি কানাড়া ভাষাতো মানুহে তেওঁৰ গীত শুনিছে।” – শিৱকুমাৰে কয়।

শিৱকুমাৰে কয় যে কৰ্ণাটকত থকা অসমীয়া লোকসকলে জুবিন গাৰ্গৰ স্মৃতিসৌধ নিৰ্মাণ কৰিব খুজিছে। তেওঁলোকে আনকি মাটিও বিচাৰিছে। এই বিষয়ে চৰকাৰে সিদ্ধান্ত ল’ব।