NORTHEAST NOW (Assamese)
অসম

অনন্য ৰূপত জুবিন গাৰ্গ; বিশেষভাৱে সক্ষম শিশুৰ সৈতে পালন কৰিলে ভোগালী বিহু

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ January 16, 2021 6:15 pm
zubin

এইবাৰ এক অনন্য ৰূপত দেখা গ’ল অসমৰ নৱ প্ৰজন্মৰ অতি প্ৰিয় জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক।

শিৱসাগৰত  শনিবাৰে এজাক বিশেষভাৱে সক্ষম আৰু অনাথ শিশুৰ লগত এইবাৰ জুবিনে পালন কৰিলে ভোগালী বিহু।

একেলগে প্ৰীতি ভোজ খাই গান গাই, ছবি আঁকি দিনটো অতিবাহিত কৰিলে শিশুপ্ৰিয় শিল্পীগৰাকীয়ে।

এইসকল শিশুক লৈ আশাবাদী জুবিন। বিশেষভাৱে সক্ষম যদিও এওঁলোকৰ প্ৰতিভা দেখি আপ্লুত হৈ পৰে জুবিন।

ভৱিষ্যতে এই সকল শিশুৰ বাবে কাম কৰি যাব বুলি ক’লে জুবিনে।

শিৱসাগৰৰ ন পুখুৰীস্থিত ৰুদ্ৰসিংহ ৰিজৰ্টত এই সকল শিশু, কিশোৰ-কিশোৰীৰ লগত এই দৰে দিনটো অতিবাহিত কৰিলে জুবিন গাৰ্গে।