NORTHEAST NOW (Assamese)
অসম

অজস্ৰ অনুৰাগীৰ পুষ্পবৃষ্টি, শেষকৃত্যৰ বাবে হাতীমূৰাত উপস্থিত জুবিনৰ নশ্বৰ দেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 23, 2025 11:18 am

অজস্ৰ অনুৰাগীৰ পুষ্পবৃষ্টিৰ মাজেৰে সৰুসজাইৰ পৰা গৈ সোণাপুৰৰ হাতীমূৰাত উপস্থিত হ’লগৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ। ইয়াতেই অনুষ্ঠিত হ’ব শেষকৃত্যৰ অনুষ্ঠান। 

সৰুসজাইৰ পৰা সোণাপুৰলৈকে শোক সমদল দৰ্শনৰ বাবে সমগ্ৰ পথৰ দুয়োকাষে প্ৰত্যক্ষ কৰা হৈছিল জনতাৰ ভিৰ। 

জুবিনক কঢ়িয়াই নিয়া পুষ্পসজ্জিত বাহনৰ কাষ চাপি আহি জনতাই বৰ্ষণ কৰে পুষ্পবৃষ্টি। জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহনৰ পাছে পাছে বহু অনুৰাগীও যায়। 

ইপিনে, হাতীমূৰাৰ শেষকৃত্যস্থলীতো হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ। 

শেষকৃত্যস্থলীত উপস্থিত আছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। উপস্থিত আছে বিৰোধী ৰাজনৈতিক দলৰ নেতাও। 

আনহাতে, আছুকে ধৰি অন্যান্য দল-সংগঠনৰ নেতা, সাংস্কৃতিক কৰ্মীও উপস্থিত আছে।