নৃশংস মাতৃ; বেছিকৈ কান্দি থকাৰ বাবেই পাঁচমহীয়া পুত্ৰ সন্তানক অগ্নিসংযোগ কৰি হত্যা

প্ৰতিনিধিত্বমূলক চিত্ৰ

এগৰাকী মহিলাই নিজৰ পাঁচ মহীয়া পুত্ৰ সন্তানক অগ্নিসংযোগ কৰি হত্যা কৰা এটা নৃশংস ঘটনাই মধ্য প্ৰদেশৰ চিংৰৌলি জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই অমানৱীয় ঘটনাটো যোৱা ২৬ ডিচেম্বৰত সংঘটিত হোৱা বুলি স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়ে।

ভূপালৰ পৰা পূব দিশে ৭৮০ কিলোমিটাৰ নিলগৰ চিংৰৌলি জিলাৰ চুখাৰ গাঁৱৰ পৰা এই ঘটনাৰ অভিযুক্ত গুড্ডী সিং গণ্ড নামৰ ২৭ বছৰীয়া মহিলাগৰাকীক ২৭ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

চিত্ৰাংগী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মনোজ সিঙে কয়, ‘অভিযুক্ত গুড্ডী সিং মানসিকভাৱে অস্থিৰ। তেওঁ এই ঘটনা সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে যদিও সবিশেষ একো প্ৰকাশ কৰা নাই। তেওঁৰ যত্ন লৈ থকা হৈছে’।

‘শনিবাৰে নিশা, শ্ৰীপাল সিঙে আৰক্ষীক এই সমগ্ৰ ঘটনাৰ সবিশেষ জনোৱাত লগে লগে ঘটনাস্থলত আৰক্ষীৰ দল এটা উপস্থিত হৈ অগ্নিদগ্ধ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। পিছত আৰক্ষীয়ে মৃতদহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে’, সিঙে কয়।

অভিযোগকাৰী শ্ৰীপাল সিঙে কয় যে পুত্ৰ সন্তানটি জন্মৰ পিছৰে পৰা গুড্ডীৰ মানসিক অৱস্থা বেয়াৰ ফালে গতি কৰে আৰু তাৰ পিছৰ পৰা এজন বাবাই তেওঁক চিকিৎসা প্ৰদান কৰি আছিল।

জানিব পৰা মতে, সন্তানটিয়ে বেছিকৈ কান্দি থকাৰ বাবেই মাতৃ গুড্ডীয়ে শিশুটিক অগ্নিসংযোগ কৰি হত্যা কৰে।

গ্ৰেপ্তাৰৰ পিছত অভিযুক্ত গুড্ডীয়ে এই ঘটনা কেতিয়া আৰু কেনেদৰে সংঘটিত হ’ল সেই বিষয়ে নিজেই নাজানে বুলি আৰক্ষীৰ আগত মন্তব্য কৰে।

ইফালে চিংৰৌলিৰ আৰক্ষী অধীক্ষক বীৰেন্দ্ৰ সিং বাঘেলে এই সমগ্ৰ ঘটনাটোৰ তদন্ত সঠিকভাৱে কৰাৰ স্বাৰ্থত বাবাজনৰ সন্ধান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।