কবৰৰ পৰা খান্দি উলিয়াই মহিলাৰ মৃতদেহ ধৰ্ষণ অচিনাক্ত দুৰ্বৃত্তৰ দলৰ

এইবাৰ মহিলাৰ মৃতদেহ কবৰৰ পৰা খান্দি উলিয়াই ধৰ্ষণ কৰিলে এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে। মানৱতাক ভূ-লুণ্ঠিত কৰা এই ঘটনা মঙলবাৰে পাকিস্তানৰ কাৰাচীৰ লান্ধি নামৰ এলেকাত সংঘটিত হয়।

জানিব পৰা মতে মহিলাগৰাকীক ঘটনা সংঘটিত হোৱাৰ এদিনৰ আগত ইচমাইল গ’থ নামৰ কবৰস্থানত কবৰ দিয়া হৈছিল। আৰু কবৰ দিয়া পিছদিনাই অচিনাক্ত দুৰ্বৃত্তৰ দলে মহিলাগৰাকীৰ মৃতদেহ কবৰৰ পৰা উলিয়াই ধৰ্ষণ কৰে।  অৱশ্যে এই ঘটনাত অচিনাক্ত দুৰ্বৃত্তৰ দলটোত কেইজন লোক জড়িত আছিল তাক জানিব পৰা হোৱা নাই।

এই নিকৃষ্ট তথা লজ্জাজনক ঘটনা সম্পৰ্কত কবৰস্থানৰ সমীপৰ কোনো লোকে মহিলাগৰাকীৰ পৰিয়ালৰ লোকক অৱগত কৰাত তেওঁলোক কবৰস্থানত উপস্থিত হয়গৈ। কিন্তু মহিলাগৰাকীৰ পৰিয়ালৰ লোক কবৰ স্থানত উপস্থিত হোৱাৰ পূৰ্বেই দুৰ্বৃত্তৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ইফালে কবৰস্থানৰ চোৱাচিতাৰ দায়িত্বত থকা কৰ্মকৰ্তাই মহিলাগৰাকীৰ পৰিয়ালৰ লোকক কবৰৰ ওপৰৰ শ্লেবখন কুকুৰে আঁতৰোৱা বুলি কয়।

বিপৰীতে পৰিয়ালৰ লোকে এই কথা অস্বীকৰা কৰিছে। যিহেতু কবৰৰ ওপৰৰ শ্বেবখন এটা কুকুৰে আঁতৰোৱাটো অসম্ভৱ বুলি মহিলাগৰাকীৰ পৰিয়ালৰ লোকে উল্লেখ কৰিছে।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্তৰ দলটোৰ সন্ধান চলায় যদিও দুৰ্বৃত্তৰ দলটোৰ কোনো সম্ভেদ লাভ নকৰিলে। অৱশ্যে অচিনাক্ত দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

ইফালে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত কোনো গোচৰ ৰুজু কৰিব বিচৰা নাই যদিও এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আৰক্ষীক পদক্ষেপ ল’বলৈ আহ্বান জনায়। উল্লেখযোগ্য যে পূৰ্বতে ভাৰততো এনে ধৰণৰ ঘটনা সংঘটিত হৈছিল।