NORTHEAST NOW (Assamese)

কলাক্ষেত্ৰত নতুন উপ সভাপতি; ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ উত্তৰসূৰী হ’ব বিধায়িকা আঙুৰলতা

October 22, 2019 9:52 am · এন ই নাও নিউজ
বিধায়িকা আঙুৰলতা ডেকা।

বটদ্ৰৱা সমষ্টিৰ বিজেপি বিধায়িকা আঙুৰলতা ডেকাক অসম তথা উত্তৰ-পূবৰ সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে বিধায়িকা আঙুৰলতা ডেকাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে।

‘এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে মই সাংঘাটিক সুখী অনুভৱ কৰিছো। কিয়নো গুৰুজনাৰ নামকৰণেৰে থকা এই অনুষ্ঠানটোত কাম কৰাৰ সুযোগ লাভ কৰিম’। এইদৰে নিজৰ অনুভৱ ব্যক্ত কৰে বিধায়িকা গৰাকীয়ে।

তেওঁ লগতে এই বৃহৎ অনুষ্ঠানটোৰ জৰিয়তে কেনেদৰে জাতিটোক আগবঢ়াই লৈ যাব পাৰি তাৰ বাবে সকলোৰে দিহা-পৰামৰ্শ প্ৰয়োজন বুলিও মন্তব্য কৰে।

ইফালে বিধায়িকা গৰাকীৰ এই কৃতিত্বৰ বাবে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ হৈ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠান, আলিপুখুৰী সাহিত্য সভা, অসম নাট্য সন্মিলনৰ চিহ্নযাত্ৰা, বটদ্ৰৱা প্ৰেছ ক্লাবৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখ্য যে ভবেন্দ্ৰ নাথ শইকীয়া, শোভা ব্ৰহ্ম, ৰত্ন ওজাৰ দৰে ব্যক্তিয়ে শোভাবৰ্দ্ধন কৰা কলাক্ষেত্ৰৰ উপ সভাপতি পদত বিধায়িকা আঙুৰলতা ডেকাক নিযুক্তি দিয়াক লৈ একাংশ লোকে ছ’চিয়েল মিডিয়াযোগে অসন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হৈছে।

Related News