আছুৰ উদ্যোগত নাগৰিক সমাজৰ অৱস্থান; অসম বিচ্ছিন্ন হ’বলৈ বেছিপৰ নালাগিব: বুৰঞ্জীবিদ প্ৰেম গগৈ

IMG-20191223-WA0008

ফটো : নৰ্থ-ইষ্ট নাও

সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিক সমাজৰ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ অনুষ্ঠিত হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত শিৱসাগৰৰ শতাধিক নাগৰিকৰ লগতে জ্যেষ্ঠ নাগৰিক সকলে অংশ গ্ৰহণ কৰে।

শিৱসাগৰৰ নাগৰিক সমাজে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে কোনো কাৰণতে জাতিধ্বংসী এই আইন মানি লোৱা নহব বুলি স্পষ্ট কৰি দিয়ে।

নাগৰিক সমাজৰ অৱস্থান কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বিশিষ্ট বুৰঞ্জীবিদ প্ৰেম গগৈয়ে কয়, ‘চৰকাৰী ষড়যন্ত্ৰত অসমীয়া ভাষা সংস্কৃতি বিপদাপন্ন হোৱা এনে পৰিস্থিতি অব্যাহত থাকিলে অসম বিচ্ছিন্ন হ’বলৈ বেছি পৰ নালাগিব।

তেওঁ কয়, ‘১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ দহ বছৰৰ ভিতৰতে ১৮৩৬ চনত আমি আমাৰ ভাষা হেৰুৱাইছিলো। বৰ্তমানো একে অৱস্থাৰ উপক্ৰম হৈছে। স্বাধীনতাৰ ৭০ বছৰৰ পাছতো আমি ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে যুঁজ কৰি থাকিব লগা হৈছে। এনে পৰিস্থিতি অব্যাহত থাকিলে অসম বিচ্ছিন্ন হ’বলৈ বেছি পৰ নালাগিব’।

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত অসমে স্বাধীনতা হেৰুওৱা বিষয়টো প্ৰকাৰন্তৰে উল্লেখ কৰি এইদৰেই আছুৰ কা’ বিৰোধী নাগৰিক সভাত ক্ষোভ প্ৰকাশ কৰিলে বিশিষ্ট বুৰঞ্জীবিদ, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈয়ে।

ইফালে কা’ৰ বিৰোধ কৰি বিজেপি ত্যাগ কৰি কা’ বিৰোধী আন্দোলনত অংশ লৈ শিৱসাগৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰূপা বৰাই অসমীয়া জাতিৰ এই দুৰ্যোগৰ সময়তো নিশ্চুপ হৈ থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ সমালোচনা কৰে।

অসমীয়া ভাষা-সংস্কৃতিৰ এই সন্ধিক্ষণত অসমীয়াৰ চকুপানী দেখিও মৌন হৈ থকা মুখ্য মন্ত্ৰীক অসম ত্যাগ কৰি গুচি যাবলৈ কলে বিজেপি ত্যাগ কৰা নেত্ৰী গৰাকীয়ে।