• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“CABক বিৰোধিতা কৰা পলাশ চাংমাই বিজেপিলৈ” ভিত্তিহীন?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2019 8:14 pm
Palash Changmai Reaction
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমায়ে গেৰুৱা দল বিজেপিত যোগদান কৰিব বুলি এটা নিউজ পৰ্টেলে কৰা বাতৰিক “মিছা” আৰু “ভিত্তিহীন” আখ্যা দিছে পলাশ চাংমায়ে।

তেওঁ এই বাতৰিক উদ্দেশ্যপ্ৰণোদিত বুলিও অভিযোগ কৰে।

“অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰে অন্যতম এটা জাতীয় সংগঠনৰ পবিত্ৰ মজিয়াত থাকি জাতীয় স্বাৰ্থত এজন কৰ্মী হিচাপে বহু কৰণীয় আছে বুলি ভাবো| এনেস্থলত মোৰ বিষয়ে উদ্দেশ্য প্ৰণোদিত ভাবে এনে বাতৰি প্ৰচাৰ কৰাটো হতাশাজনক”, বাতৰিটোৰ প্ৰতিক্ৰিয়া হিচাপে এটা মন্তব্যত জাতীয়তাবাদী নেতাজনে কয়।

আনহাতে পলাশ চাংমাইৰ বিৰুদ্ধে বাতৰি প্ৰতিষ্ঠানটোৱে এনেকুৱা ভিত্তিহীন বাতৰি প্ৰচাৰ কৰাত ক্ষুব্ধ হৈছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অন্যান্য নেতা-কৰ্মী তথা সমৰ্থক।

ছ’চিয়েল মিডিয়াত সংবাদ প্ৰতিষ্ঠানটোক তুলধুনা দিয়া দেখা গৈছে। আনকি গোচৰ দিয়াৰো হুমকি দিয়ে।

টাইম এইট নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ ১৭ মে’ৰ বাতৰিটোত কোৱা হৈছিল যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমায়ে গেৰুৱা বসন পিন্ধিবলৈ মন মেলিছে।

“কেবৰ বিৰোধিতাৰে ৰাজ্য উত্তাল কৰা এইজন জাতীয়তাবাদী নেতা পলাশ চাংমায়ে এতিয়া মন মেলিছে গেৰুৱা বসন পিন্ধিবলৈ” ভিডিঅ’ৰ সৈতে পৰিৱেশন কৰা বাতৰিটোৰ মূল বক্তব্য এয়া।

বাতৰিটোত লগতে দাবী কৰা হৈছিল যে নেতাজনে বিজেপিলৈ যোৱাৰ মন মেলি ইতিমধ্যে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰে যোগাযোগ কৰিছে।

বাতৰি পৰিৱেশকে কয়, “পলাশ চাংমাইৰ মন বিধায়ক হোৱাৰ। গতিকে ৰাজ্যিক বিজেপিৰ নেতৃত্বক লগ কৰি সোণাৰি বিধানসভা সমষ্টিৰ পৰা টিকট বিচাৰিছে”।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বহিষ্কৃত নেতা যোৰহাটৰ পুতুল দত্তয়ো বিজেপিৰ সৈতে যোগাযোগ কৰা বুলি বাতৰিটোত কোৱা হৈছে। বহিষ্কৃত নেতা পুতুল দত্তৰ সৈতে সাঙুৰি বাতৰি পৰিৱেশন কৰা কথাটোতো আপত্তি কৰিছে পলাশ চাংমায়ে।

আনহাতে “মিছা বাতৰি”টোত ক্ষুণ্ণ হোৱা এজন সমৰ্থকে লিখিছে, “এইসকল বৈদ্যুতিন মাধ্যমে জাতীয়তাবাদী উদাত্ত কণ্ঠক ৰোধ কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অসম তথা অসমীয়া জাতিৰ সৰ্বাংগীণ বিকাশৰ আন্দোলন ৰোধ কৰাৰ চেষ্টা কৰিছে”।

“এনে ধৰণৰ ভিত্তিহীন উদ্দেশ্যপ্ৰণোদিত সংবাদ নিশ্চিতভাৱে গৰিহণাৰযোগ্য”, আন এজনৰ মন্তব্য।

আন এজনে কয়, “পলাশ চাংমাই ডাঙৰীয়াক জনসমাজত হেও প্ৰতিপন্ন কৰিবলৈ এচাম ৰাষ্ট্ৰ সমৰ্থিত চক্ৰই ষড়যন্ত্ৰ ৰচনা কৰিছে”।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd