• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এজন অসহায়, অচিনাকি ৰোগীৰ মুখলৈ হাঁহি ঘূৰাই অনাৰ কঠিন প্ৰয়াস কৃষ্ণাই আৰক্ষীৰ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
September 10, 2018 6:42 pm
Krishnai Police Main

অচিনাকি ৰোগীজনক সহায় কৰি থকা দেখা গৈছে কৃষ্ণাই আৰক্ষীৰ দুজন জোৱানক। ফটো : নীলমণি শৰ্মা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সততে কঠোৰতাই তেওঁলোকৰ পৰিচয় বুলি ধৰা হয় যদিও আৰক্ষীৰ লোকসকলো মানুহ। মানৱতা তেওঁলোকৰো প্ৰধান আধাৰ। খাকী পোচাকৰ মাজতে লুকাই থাকে এই মানৱতা৷ তাৰে দৃষ্টান্ত দাঙি ধৰিলে কৃষ্ণাইৰ কেইজনমান খাকী পোচাকধাৰী জোৱানে।

আইন-শৃংখলা নিয়ন্ত্ৰণৰ দায়িত্বৰ মাজতো বিগত চাৰি মাহ ধৰি এওঁলোককেইজন ব্যস্ত হৈছে এজন  অসহায়, অচিনাকি লোকৰ সেৱা-শুশ্ৰূষাত৷ এফালে চাকৰিৰ দায়িত্ব  আনফালে পৰিচয়বিহীন অসহায় লোকৰ চিকিৎসা –দুয়োটাৰ মাজত সমন্বয় ৰক্ষা কৰিব লগীয়া হৈছে।
এবাৰ যদি এই কেও-কিছু নোহোৱা লোকজনক চিকিৎসাৰ বাবে গোৱলপাৰা অসমৰিক চিকিৎসালয়ত লৈ  যায় আকৌ চিকিৎসালয় কৰ্তৃপক্ষৰ কথামতে লৈ যায় গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়লৈ৷
গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই আকৌ ৰোগীক গোৱালপাৰাত ৰাখিবলৈহে পৰামৰ্শ দিয়ে৷ গতিকে দোমোজাত পৰে আৰক্ষীৰ জোৱানকেইজন।

ঘটনাটো আৰম্ভ হৈছিল ১৮ মে’ ২০১৮ তাৰিখতে। উক্ত দিনা  স্থানীয় লোকৰ অভিযোগৰ  ভিত্তিত  কৃষ্ণাইৰ জ্যোতি নগৰৰ পৰা কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টুবুল  বড়োসহ আৰক্ষীৰ দল এটাই আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰিছিল  পৰিচয়বিহীন এজন লোকক।
তাৰ পৰাই আৰম্ভ হ’ল কৃষ্ণাই আৰক্ষীৰ  এই ধৰ্মসংকট৷ অৱশ্যে কৃষ্ণাইৰ আৰক্ষীয়ে ইয়াক প্ৰত্যাহ্বান হিচাপে লৈ মানৱতাৰ বিৰল নিদৰ্শন স্থাপন কৰিবলৈ সক্ষম হৈছে৷ কৰ্তব্যৰ খাতিৰত  ঘৰ-পৰিয়াল পৰা আঁতৰত থাকি ৰোগীক শুশ্ৰূষা কৰাত ব্যস্ত আৰক্ষী থানাখনৰ কেইবাজনো আৰক্ষী৷ ইব্ৰাহিম, আখিৰুল, মনছেৰ, ৰাজু ৰাভা, অপূ শৰ্মা, জাকিৰ হুছেইন, আব্দুল আৰু মজিবৰ আলী -এওঁলোকৰ হাতত এতিয়া নাই বন্দুক-বাৰুদ। এওঁলোক এতিয়া গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত অসহায় লোকজনৰ শুশ্ৰূষা কৰাত ব্যস্ত৷ খোৱা-বোৱাৰ লগতে ৰোগীগৰাকীৰ মল-মূত্ৰও নিতৌ পৰিষ্কাৰ কৰিব লগা হয় তেওঁলোকে।

জানিব পৰা মতে, ১৯   মে’ত আঘাতপ্ৰাপ্ত লোকজনক আৰক্ষীয়ে ভৰ্তি কৰিছিল গোৱালপাৰাৰ অসামৰিক চিকিৎসালয়ত৷ প্ৰথম অৱস্থাত ডেৰ মাহ সময় গোৱালপাৰাৰ অসামৰিক চিকিৎসালয়ত ৰোগীগৰাকীক ৰখা হৈছিল যদিও চিকিৎসালয় কৰ্তৃপক্ষই প্ৰতি মুহূৰ্ততে ৰোগীজনক লৈ যাবলৈ জোৰ কৰিছল৷

অভিভাৱকহীন এই ৰোগীজনক ক’ত ৰাখিব আৰক্ষীয়ে, যাৰ   নাই কোনো  ঠিকনা, নাই কোনো পৰিয়াল-পৰিজন? চিকিৎসালয় কৰ্তৃপক্ষক বহু কাকূতি-মিনতি কৰিও বিফল হ’ল কৃষ্ণাই আৰক্ষী৷

ইফালে চিকিৎসালয় কৰ্তৃপক্ষই ৰোগীজনক চিকিৎসালয়ৰ পৰা  আঁতৰাই    পঠিওৱাৰ বাবে  আদালতৰ কাষ চাপে আৰু আদালতৰ নিৰ্দেশ অনুসৰি  অসহায় ৰোগীজনক প্ৰেৰণ কৰা হয় গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়লৈ৷ আকৌ বিড়ম্বনাই দেখা দিলে আৰক্ষীৰ বাবে। এদিনতে ৰোগীক ৰিলিজ কৰিলে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই৷
অসহায়-অচিনাকি লোকজনৰ লগত যোৱা আৰক্ষীকেইগৰাকী বৰ বিমোৰত পৰিল! ক’ত লৈ যাব এই লোকজনক? গোৱালপাৰাৰ পৰা উন্নত চিকিৎসাৰ বাবে আনিছিলহে মাত্ৰ৷

নিৰুপায় আৰক্ষী জোৱান ইব্ৰাহিম, অপু, ৰাজু, জাকিৰহঁতে চিকিৎসালয় কৰ্তৃপক্ষক হাতে-ভৰিয়ে ধৰি এটা সপ্তাহৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীজনক ৰাখিবলৈ খাটনি ধৰাত চিকিৎসালয় কৰ্তৃপক্ষ মান্তি হ’ল৷
এতিয়া এটা সপ্তাহত আতিক্ৰম কৰিবৰ হ’ল৷ আকৌ আহিল সংকটৰ সময়! কৃষ্ণাই আৰক্ষীয়ে কি কৰিব? ক’ত ৰাখিব অসহায় লোকজনক?

বিগত এই চাৰি মাহত আৰক্ষীয়ে চৰকাৰী-বেচৰকাৰী বহু আনুষ্ঠানৰ পৰা সহায়ৰ আশা কৰিছিল যদিও  কোনো চৰকাৰী-বেচকাৰী সংস্থাই এই অসহায়-অচিনাকি লোকজনক আৰোগ্য কৰি তোলাৰ বাবে কিন্তু  আগ বাঢ়ি নাহিল। আনকি এটকাও নাপালে চৰকাৰৰ পৰাও৷

বিগত চাৰি মাহে কৃষ্ণাই আৰক্ষী থানাৰ বিষয়া তথা জোৱান সকলোৱে মিলি এতিয়ালৈকে দৰমহাৰ এটা শকত পৰিমাণৰ ধন ব্যয় কৰিব লগা হৈছে অসহায় ৰোগীজনৰ চিকিৎসাৰ বাবত৷

খাকী পোচাক পিন্ধি হাতত বন্দুক আইন-শৃংখলা ৰক্ষাৰ সমান্তৰালভাৱে এই আৰক্ষীৰ জোৱানকেইজনে দায়িত্ব লৈছে অচিনাকি ৰোগাক্ৰান্ত লোকজনক সোনকালে সুস্থ কৰি তোলাৰ৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd