বিদেশতো ৰাহুল, বলীউডতো ৰাহুল! এইবাৰ ৰাহুল গান্ধীৰ প্ৰশংসাত পঞ্চমুখ বলীউডৰ তাৰকা

ৰাজনীতিৰ সম্পৰ্কে মুকলিকৈ মন্তব্য কৰা তাৰকা বলীউডত খুব কম। অৱশ্যে বিজেপিৰ টিকটত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে অভিনেত্ৰী কংগনা ৰানাৱটে কেইবাবাৰো ৰাজনীতি সম্পৰ্কে বহুৰ ৰাজহুৱা মন্তব্য কৰিছিল।

আগৰে পৰা ৰাহুল গান্ধীক যথেষ্ট ঠাট্টা-মস্কৰা কৰি আহিছে কংগনা ৰাণাওটে। কিন্তু তাৰ বিপৰীতে এইবাৰ বলীউডৰ নবাব ছাইফ আলী খানে ৰাজহুৱাভাৱে প্ৰশংসা কৰিলে ৰাহুল গান্ধীক। ইয়াৰ পিছৰ পৰাই ৰাজনীতি আৰু মনোৰঞ্জনৰ জগতখন এক নতুন চৰ্চাৰ বিষয়ৰ আগমন হৈছে।

শেহতীয়াকৈ ছাইফ আলী খানে তেওঁৰ পৰৱৰ্তী ছবি ‘ডেব্ৰা পাৰ্ট-১’ৰ প্ৰচাৰৰ বাবে ইণ্ডিয়া টুডেৰ কনক্লেভত অংশগ্ৰহণ কৰিছিল। অভিনেতাজনক সাংবাদিকে কেনেকুৱা ৰাজনীতিবিদক ভাল পায় বুলি সোধাত কয়, “মই এজন সাহসী, সৎ ৰাজনীতিবিদক ভাল পাওঁ।”

ইয়াৰ পিছতেই সাংবাদিকে সোধে, “ভৱিষ্যতে কোনে দেশক আগুৱাই নিব বুলি ভাবিছে? ইয়াৰ প্ৰতি সঁহাৰি জনাই ছাইফ আলী খানে লগে লগে ৰাহুল গান্ধীৰ নাম লয়।

ছাইফ আলী খানে কয়, ‘নৰেন্দ্ৰ মোডী, কেজৰিৱাল বা ৰাহুল গান্ধী, এই আটাইকেইজনেই সাহসী ৰাজনীতিবিদ। কিন্তু ৰাহুল গান্ধীয়ে যি কৰিছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয় বুলি মই ভাবো। এটা সময়ত মানুহে তেওঁৰ বিভিন্ন মন্তব্য বা কামক অসন্মান কৰি বহুত ঠাট্টা-মস্কৰা কৰিছিল, কিন্তু ৰাহুলে যিদৰে কঠোৰ পৰিশ্ৰম কৰিছে আৰু সেইবোৰৰ প্ৰতি সঁহাৰি জনাইছে, সেয়া অতি আকৰ্ষণীয়।”

ছাইফ আলী খানৰ এই মন্তব্যৰ ভিডিঅ’ নিমিষতে ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। বহু নেটিজেনে ছাইফ আলী খানক “ৰাহুল গান্ধীৰ ষ্টাৰ কেম্পেইনাৰ” বুলি অভিহিত কৰে।

মন কৰিবলগীয়া যে ‘তাণ্ডব’ ধাৰাবাহিকত প্ৰধানমন্ত্ৰীৰ পদৰ উত্তৰাধিকাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল ছাইফ আলী খানে। সেই ধাৰাবাহিকখনত বহুতে ছাইফৰ চৰিত্ৰ আৰু কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ মাজত সাদৃশ্য বিচাৰি পাইছিল। অৱশ্যে ছাইফে কেতিয়াও ৰাজহুৱাভাৱে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাছিল। কিন্তু এইবাৰ বলীউডৰ নবাবে ৰাজহুৱাভাৱে প্ৰশংসা কৰিলে ৰাহুলক।