নিজৰ ঘৰৰ মাটিত শক্তিশালী হাৰিয়ানাক ইনিংছ ব্যৱধানত পৰাস্ত কৰি মনোবল তুংগত থকা অসমে আজিৰ পৰা ৰঞ্জি ট্ৰফীৰ এলিট গ্ৰুপ চি’ৰ এখন মেচত ৰাজস্থানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।
জয়পুৰৰ চাৱাই মনসিং ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত ৰাজস্থানে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰথম ইনিংছ মুকলি কৰি পুনৰবাৰ বেটিং বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় অসম। আলহী দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিবলৈ সক্ষম হয় মাত্ৰ ১০৮ ৰান।
দুৰ্ভাগ্যজনক কথাটো হ’ল যে অসমৰ আঠগৰাকী বেটছমেনে দহকৰ ঘৰ স্পৰ্শ নকাৰকৈ পেভেলিয়নলৈ উভটি যায়। একমাত্ৰ কুনাল শইকীয়া ক্ৰিজত কিছু সময় অতিবাহিত কৰিছিল যদিও তেওঁ নিজৰ ব্যক্তিগত ২২ ৰানত আউট হয়। আৰু তাৰ পাছত ল’ৱাৰ অৰ্ডাৰ বেটছমেন অৰূপ দাসে ৩৬ আৰু ৰঞ্জিত মালীয়ে ২৮ ৰান কৰি দলটোক কিছু সন্মানজনক স্থিতিত উপনীত কৰায়।
আনহাতে ৰাজস্থানৰ হৈ অনিকেত সিঙে দুৰ্দান্ত বলিঙেৰে পাঁচটা, নাথু সিঙে তিনিটা, টি এম উল হক আৰু ৰাহুল চাহাৰে এটা উইকেট দখল কৰে। ইফালে ১০৮ ৰানৰ প্ৰত্যুত্তৰত বেটিং কৰিবলৈ অহা ৰাজস্থানে এই পৰ্যন্ত দুটা উইকেটৰ বিনিময়ত ৩৮ ৰান সংগ্ৰহ কৰিছে। অসমৰ হৈ অৰূপ আৰু ৰঞ্জিত মালীয়ে এটাকৈ ইউকেট লাভ কৰিছে।
উল্লেখ্য যে উৰিষ্যাৰ বিপক্ষে বেয়াকৈ মুখথেকেচা খোৱাৰ পিছত অসমে হাৰিয়ানাৰ বিপক্ষে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই মেচখন ইনিংছ ব্যৱধানত বিজয়ী হৈছিল। হাৰিয়ানাৰ বিৰুদ্ধে বিজয়ৰ মূলতে আছিল অসমৰ স্পীডষ্টাৰ অৰূপ দাস। অৰূপে মেচখনত ১০টা উইকেট লাভ কৰিছিল।
অৰূপৰ উপৰি বাকী কেইজন বলাৰ আৰু আঘাতৰ পাছত প্ৰত্যাৱৰ্তন কৰা বেটছমেন গকুল শৰ্মাৰ প্ৰদৰ্শনো আছিল সন্তোষজনক। অভিজ্ঞ বেটছমেন গকুল শৰ্মাই মেচখনত গুৰুত্বপূৰ্ণ ৯৬ ৰানৰ দৰ্শনীয় ইনিংছ উপহাৰ দিছিল।
একাধিক তাৰকাৰে গঠিত হাৰিয়ানাৰ বিপক্ষে সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা অসমে আজিৰ পৰা আৰম্ভ হোৱা নিজৰ পঞ্চমখন মেচত ৰাজস্থানৰ বিৰুদ্ধে আৰম্ভণিতে মুখথেকেচা খাবলগীয়া হৈছে যদিও পিছলৈ মেচখনত কেনে প্ৰদৰ্শন কৰে সেয়া লক্ষ্যণীয় হ’ব।
এই পৰ্যন্ত অসম দলে খেলা চাৰিখন মেচৰ দুখনত জয়ী হোৱাৰ বিপৰীতে এখনত পৰাজিত আৰু এখন ড্ৰ খেলিছে। এই চাৰিখন মেচৰ পৰা অসমৰ সংগৃহীত পইণ্ট হৈছে ১৪।