কৃষ্ণাইত শিশু ধৰ্ষণত অভিযুক্তৰ আত্মহত্যা

Man found dead in Assam's Samaguri

প্ৰতিনিধিত্বমূলক ফটো

শিশু ধৰ্ষণত অভিযুক্ত এজন যুৱকে বৃহস্পতিবাৰে নিশা কৃষ্ণাইত আত্মহত্যা কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্ত কৃষ্ণাই থানাৰ অন্তৰ্গত বামুণেপানীখোৱা গাওঁৰ ৰতন ৰায় (১৮)নামৰ যুৱকজনে বৃহস্পতিবাৰে নিশা নিজ ঘৰতে চিপজৰী লৈ আত্মহত্যা কৰে।

জানিব পৰা মতে ৰতন ৰায় নামৰ যুৱকজনে বুধবাৰে নিজ ঘৰৰ কাষতে থকা এটা পৰিয়ালৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক বলপূৰ্বকভাৱে যৌন নিৰ্যাতন আৰু ধৰ্ষণ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়ামতে ঘৰত মাক নথকাৰ সুযোগ লৈ যুৱকজনে নিশা প্ৰায় ১২.৩০ বজাত দুৱাৰ খুলি ঘৰত প্ৰৱেশ কৰি শিশুটিয়ে শুই থকা অৱস্থাতে মুখত খোপাদি ধৰ্ষণ কৰে।

পিছত শিশুটিয়ে ঘটনাৰ সবিশেষ পৰিয়ালক জনোৱাত পৰিয়ালে বৃহস্পতিবাৰে আবেলি কৃষ্ণাই থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত এখন এজহাৰ দাখিল কৰে।

আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে যুৱকজনে চিপলৈ আত্মহত্যা কৰা বুলি আৰক্ষীয়ে খবৰ লাভ কৰে।

অৱশেষত আৰক্ষীয়ে যুৱকজনৰ ঘৰত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

শুক্ৰবাৰে আৰক্ষীয়ে মৃতদেহটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।