DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছেক্স টেপ আৰু কাম-চৰ্চাই অসমত মুখত ছাই সানিছে আৰ এছ এছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 9, 2019 6:08 am
Sex tape and cupid talks leave RSS red faced in Assam

আৰ এছ এছ সম্পৰ্ক প্ৰমুখ ৰঞ্জীৱ শৰ্মা। ছবি সৌজন্য-- ফেইচবুক।

16.4k
VIEWS
Share on FacebookShare on Twitter

কঠোৰ শৃংখলাবদ্ধতাৰ বাবে জনাজাত সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বদনাম আৰ্জিছে অসমত।

ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ ছেক্স, ধন আৰু ক্ষমতাত আসক্ত একাংশ আৰ এছ এছ নেতা।

পোহৰলৈ আহিছে টেলিভিজন শ্ব’ত প্ৰচণ্ড যুক্তিতৰ্ক কৰা এজন আৰ এছ এছ নেতা নাৰীৰ সৈতে অশ্লীল বাৰ্তালাপত মজি থকাৰ এটা ঘটনা।

কেইবাগৰাকী অচিনাক্ত নাৰীৰ সৈতে কাম-কথাত মজি থকা ব্যক্তিজন হৈছে অসমত সংঘৰ সম্পৰ্ক-প্ৰমুখ ৰঞ্জীৱ শৰ্মা।

শৰ্মাক বেলেগ বেলেগ কেইবাটাও টেপত কমেও তিনিগৰাকী মহিলাৰ সৈতে যৌন বাৰ্তালাপত মজি থকা শুনা গৈছে।

এটা টেপত শৰ্মাই এগৰাকী মহিলাৰ সৈতে “একধৰণৰ” সেৱাৰ বিষয়ে পাতি থকা শুনা গৈছে, তেওঁলোকে ধনৰ বিনিময়ত দিল্লী আৰু গুৱাহাটীত মালিচ আগবঢ়ায়।

উল্লেখ কৰিব পাৰি যে, উত্তৰ-পূব ভাৰতৰ আটাইতকৈ ভিতৰুৱা অঞ্চলতো আৰ এছ এছে যোৱা চাৰি দশক ধৰি কঠোৰ পৰিশ্ৰম কৰি আহিছে, যি অৱশেষত অসম আৰু উত্তৰ-পূবৰ আন আন অংশত “পদুম ফুলা”ত সহায় কৰিছে।

এই কথা অনস্বীকাৰ্য্য যে, স্বাধীনতাৰ দিনৰে পৰা মূলতঃ কংগ্ৰেছৰ শাসনত থকা উত্তৰ-পূবত পদুম ফুলাৰ আঁৰৰ প্ৰধান শক্তিটোৱেই আৰ এছ এছ।

শৰ্মা আৰ এছ এছৰ এজন প্ৰখ্যাত নেতা, যি টি ভি শ্ব’ত প্ৰায়ে আৰ এছ এছৰ লগতে বিজেপি চৰকাৰৰ পক্ষ ৰক্ষা কৰা দেখা যায়।

আৰ এছ এছ নেতাজনে অচিনাক্ত মহিলাকেইগৰাকীৰ সৈতে দীঘলীয়াকৈ কথা পাতিছে— “সেৱা”বিধ তেওঁ গুৱাহাটীত পাবনে দিল্লীত পাব আৰু সেৱাবিধৰ দাম কিমান?

শৰ্মাই উক্ত মহিলাগৰাকীক তেওঁৰ নম্বৰটো নেট (ইণ্টাৰনেট)ত পোৱা বুলি কৈছে।

জ্যেষ্ঠ আৰ এছ এছ নেতা নৃপেন বৰ্মন (ক্ষেত্ৰ প্ৰচাৰক)এ বিষয়টোত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছে। তেওঁ কেৱল “মোৰ এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া কৰিব লগা একো নাই। মই এই বিষয়ে নাজানো। (আপোনালোকে) টেপটোৰ সত্যাসত্য কেৱল নিশ্চিত কৰাৰ চেষ্টা কৰিব” বুলি নিজৰ মন্তব্য প্ৰকাশ কৰে।

বহুবাৰ চেষ্টা কৰা হৈছিল যদিও ৰঞ্জীৱ শৰ্মাই তেওঁৰ মোবাইল ফোন ধৰা নাই।

দ্বিতীয়টো অডিঅ’ টেপত শৰ্মাক এগৰাকী ছোৱালীৰ সৈতে সাক্ষাৎ ঠিক কৰা শুনা গৈছে। ছোৱালীজনীয়ে তেওঁক তেওঁ এটা নিৰ্দিষ্ট স্থানলৈ আহিব নেকি সুধিছে আৰু লগতে সুধিছে নতুনকৈ অহা ছোৱালী এজনীৰ ফটো তেওঁলৈ পঠিয়াব লাগিব নেকি?

তৃতীয়টো টেপত শৰ্মাক এজনী ছোৱালীৰ সৌন্দৰ্য্যৰ শলাগ লোৱা শুনা গৈছে।

ফোন নকৰা আৰু মেছেজ নিদিয়া বুলি ছোৱালীজনীক শৰ্মাই ওজৰ ধৰাও শুনা গৈছে।

শৰ্মাৰ সৈতে পলাই যোৱা আন এজনী ছোৱালীৰ কথাও তেওঁক সেই ছোৱালীজনীৰ সৈতে পতা শুনা গৈছে।

“তাই মোৰ সৈতে বিয়া নপতাকৈ গোটেই জীৱন থাকি যাব খোজে।….তাই মোৰ কাৰণে পাগল হৈ গৈছে আৰু তাইৰ হোষ্টেলত গোটেই মোৰ ফটো লগাই ৰাখিছে,” শৰ্মাই মন্তব্য।

“তাই আৰ এছ এছৰ বিষয়ে কিছু তথ্য সংগ্ৰহ কৰিবলৈ মোৰ ওচৰলৈ আহিছিল। কিন্তু তাৰ পিছতে তাই মোৰ প্ৰেমত পৰিল আৰু যোৱা এবছৰ ধৰি মোক পাগল কৰি ৰাখিছে।”

“….তুমি বহুত ছেক্সি হৈ গ’লা আগতগে,” শৰ্মাৰ মন্তব্য।

Recent News

শিলসাঁকোৰ অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ

শিলসাঁকোৰ অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ

Gyanvapi Mosque

জ্ঞানৱাপী মছজিদ বিতৰ্ক : দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকক জামিন দিল্লী আদালতৰ

petroldiesel_3

জনতাক সামান্য সকাহ: হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য,কিমান কমিব?

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd