• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৈষম্যমূলক! কেন্দ্ৰীয় চৰকাৰৰ নতুন ভেকচিন নীতিক সমালোচনা ছোনিয়া গান্ধী, মমতা বেনাৰ্জীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2021 5:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ক’ভিড ভেকচিনৰ নতুন নীতি সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

সোমবাৰে দুয়োগৰাকী বিৰোধী নেত্ৰীয়ে কেন্দ্ৰ চৰকাৰক সমগ্ৰ দেশজুৰি ক’ভিড-১৯ ভেকচিন বিশ্বজনীন মূল্যত (universal pricing) উপলব্ধ কৰিবলৈও দাবী জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰেৰণ কৰা এখন পত্ৰত কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে কেন্দ্ৰই গ্ৰহণ কৰা নতুন ভেকচিনেচন নীতিৰ বিষয়ে নিজৰ স্থিতি অৱগত কৰে।

কেন্দ্ৰৰ নতুন নীতিক একপক্ষীয় আৰু বৈষম্যমূলক হিচাপে অভিহিত কৰি তেওঁ কয় যে ই মহামাৰিয়ে জ্বলা-ক’লা দেখুওৱা সাধাৰণ লোকসকলৰ সমস্যাক অধিক বৃদ্ধি কৰিব।

দুই পৃষ্ঠাজোৰা পত্ৰখনত তেওঁ কয় যে চৰকাৰে যোৱা বৰ্ষৰ অভিজ্ঞতাৰ পৰা একো শিক্ষালাভ নকৰিলে।

তেওঁ অভিযোগ কৰে যে ১৮ৰ পৰা ৪৫ বছৰৰ ভিতৰৰ লোকসকলক ভেকচিন প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে ল’বলগা দায়িত্বক নতুন ভেকচিনেচন নীতিৰ দ্বাৰা উলাই কৰি চলিছে।

”এয়া আমাৰ যুৱপ্ৰজন্মৰ প্ৰতি চৰকাৰে ল’বলগা দায়িত্বৰ চূড়ান্ত অৱজ্ঞা।”- ছোনিয়াই কয়।

আনহাতে, ছেৰাম ইনষ্টিউট অৱ ইণ্ডিয়াই ( Serum Institute of India) প্ৰস্তুত কৰা ক’ভিড-১৯ ভেকচিনৰ মূল্যৰ ভিন্নতা সম্পৰ্কতো তেওঁ প্ৰশ্ন উত্থাপন কৰে।

তেওঁ দাবী কৰে যে সকলো ভেকচিনৰ মূল্যসমূহ একে হ’ব লাগে।

উল্লেখযোগ্য যে ছেৰাম ইনষ্টিউট অৱ ইণ্ডিয়াই ভেকচিনসমূহৰ মূল্য সম্পৰ্কত ভিন্ন ভিন্ন নিৰীখ দাঙি ধৰিছিল।

ইনষ্টিউটটোৱে ঘোষণা কৰামতে, কেন্দ্ৰীয় চৰকাৰৰ ভেকচিনসমূহৰ মূল্য ১৫০ টকা, ৰাজ্যিক চৰকাৰৰ ভেকচিনসমূহৰ মূল্য ৪০০ টকা হোৱাৰ লগতে ব্যক্তিগত চিকিৎসালয়ৰ বাবে ৬০০ টকা ধাৰ্য কৰা হৈছিল।

ছোনিয়া গান্ধীয়ে কয় যে ইয়াৰ দ্বাৰা ৰাজ্য চৰকাৰসমূহে আৰ্থিকভাৱে লোকচানৰ সম্মুখিন হ’ব।

তেওঁ অভিযোগ কৰে যে এই পীড়াদায়ক সময়ছোৱাত চৰকাৰে কোম্পানীসমূহৰ লাভৰ কথাহে চিন্তা কৰিছে।

পত্ৰখনৰ শেষত প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰি কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ ভেকচিন নীতিৰ পুনৰ পৰ্যবেক্ষণ কৰিবলৈ দাবী জনায়।

আনহাতে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও বৃহস্পতিবাৰে কেন্দ্ৰৰ ক’ভিড ভেকচিন নীতিক সমালোচনা কৰিছে।

এটা টুইটযোগে তেওঁ কয় যে প্ৰতিজন ভাৰতীয়ই বয়স, জাত, বৰ্ণ, স্থান নিৰ্বিশেষে বিনামূলীয়া ভেকচিন লাভ কৰাটো প্ৰয়োজন।

One nation, one party, one leader shouts BJP all the time but to save lives they can’t have one price for vaccine.

Every Indian needs free vaccine, regardless of age, caste, creed, location. GoI must fix ONE price for Covid vaccine irrespective of who pays— Centre or the States.

— Mamata Banerjee (@MamataOfficial) April 22, 2021

ক’ভিড ভেকচিনৰ মূল্য সম্পৰ্কত মমতাই কয় যে কেন্দ্ৰ অথবা ৰাজ্য, যিয়েই নহওক, সকলোৰে বাবে ভেকচিনৰ মূল্য একে হ’ব লাগে।

ভাৰতীয় জনতা পাৰ্টিক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ মমতাই কয় যে বিজেপিৰ নেতাসকলে এখন দেশ, এটা দল আৰু এজন নেতাৰ কথা চিঞৰে কিন্তু মানুহৰ জীৱন বচাবৰ সময়ত ভেকচিনৰ এটা মূল্য তেওঁলোকে ধাৰ্য কৰিব নোৱাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd