নিবনুৱাই লাভ কৰিব ১ লাখ চাকৰি : টাটা আৰু আম্বানীয়ে আনিব বৃহৎ প্ৰকল্প

মুঠ ১ লাখ চাকৰিৰ ভিতৰত ৩৫,০১০টা প্ৰত্যক্ষ আৰু ৬৫,০০০ৰো অধিক পৰোক্ষ চাকৰিৰ সৃষ্টি হ’ব। তদুপৰি এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ ফলত দেশৰ সৌৰশক্তি খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে সমগ্ৰ দেশতে সস্তীয়া বিদ্যুতৰ সপোন পূৰণ কৰিব বুলি আশা কৰা হৈছে।

বৰ্তমান চৰকাৰে অহৰহ দেশৰ সৌৰ খণ্ডৰ ওপৰত চকু ৰাখিছে। সুলভ মূল্যত যাতে ঘৰে ঘৰে বিদ্যুৎ যোগান ধৰিব পৰা যায় তাৰ বাবেই এতিয়া সৌৰশক্তিৰ আন্তঃগাঁথনি উন্নত কৰাত মনোযোগ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰী তথ্য মতে চৰকাৰে ইতিমধ্যে দেশত ৩৯,৬০০ মেগাৱাটৰ ঘৰুৱা সৌৰ ইউনিট স্থাপনৰ কথা ঘোষণা কৰিছে।

কেৱল এয়াই নহয়, ইয়াৰ বাবে চৰকাৰে পিএলআই আঁচনিৰ অধীনত কোম্পানীসমূহক ১৪,০০৭ কোটি টকা দিয়াৰ যোজা কৰিছে। এই কামৰ বাবে নিৰ্বাচিত হোৱা কোম্পানীসমূহৰ ভিতৰত বিশেষভাবে আছে মুকেশ আম্বানীৰ ৰিলায়েন্স, টাটা গ্ৰুপৰ টাটা পাৱাৰ আৰু জিন্দাল গ্ৰুপৰ জে এছ ডব্লিউ।

ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি এই ৩৯,৬০০ মেগাৱাট আঁচনিত ৰিলায়েন্সে ৪৮০০ মেগাৱাট, টাটাই ৪০০০ মেগাৱাট আৰু জিন্দালৰ জে এছ ডব্লিউএ ১০০০ মেগাৱাট শক্তি উৎপাদন কৰিব।

অনুমান কৰা হৈছে যে ২০২৪ চনৰ অক্টোবৰৰ পৰা এই প্ৰকল্পৰ কাম আৰম্ভ হ’ব। প্ৰতিবেদন অনুসৰি চৰকাৰৰ এই প্ৰকল্পত থকা আনুষংগিক সংস্থাসমূহে সমগ্ৰ দেশতে এক লাখৰো অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। ইফালে মুঠ ১ লাখ চাকৰিৰ ভিতৰত ৩৫,০১০টা প্ৰত্যক্ষ আৰু ৬৫,০০০ৰো অধিক পৰোক্ষ চাকৰিৰ সৃষ্টি হ’ব। তদুপৰি এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ ফলত দেশৰ সৌৰশক্তি খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে সমগ্ৰ দেশতে সস্তীয়া বিদ্যুতৰ সপোন পূৰণ কৰিব বুলি আশা কৰা হৈছে।

সৌৰ খণ্ডই হওক বা উৎপাদন খণ্ডই হওক, মেক ইন ইণ্ডিয়াৰ অধীনত চৰকাৰে দেশত সামগ্ৰী নিৰ্মাণ কৰি থকা কোম্পানীসমূহক ৰাজসাহায্য প্ৰদান কৰি আছে। ইতিমধ্যে স্মাৰ্টফোন ছেগমেণ্টৰ কেইবাটাও কোম্পানী চৰকাৰৰ পিএলআই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও এপলৰ দৰে বিশাল কোম্পানীয়েও চীন এৰি ভাৰতত নিজৰ প্লাণ্ট স্থাপন কৰিছে। ইয়াৰ উপৰিও কেইবাটাও স্থানীয় কোম্পানীয়েও চৰকাৰৰ পিএলআই আঁচনিৰ সুবিধা লৈ মেক ইন ইণ্ডিয়াৰ প্ৰচাৰ চলাই থকা দেখা পোৱা গৈছে।