তিপ্ৰা: খিলঞ্জীয়া অৰাজনৈতিক দল গঠন কা-বিৰোধী ত্ৰিপুৰী ৰাজকুমাৰৰ

দেব বাৰ্মাৰ পূৰ্ব পুৰুষে ভাৰত স্বাধীন হোৱাৰ পূৰ্বৰে পৰা বংগৰ দুৰ্ভগীয়া শৰণাৰ্থীসকলক ত্ৰিপুৰাত আশ্ৰয়দান কৰিছিল।

Tripura royal scion floats non-political party, to fight against CAA

তিপ্ৰা: The Indigenous Progressive Regional Alliance, নাগৰিকত্ব (সংশোধন) আইন ২০১৯ বিৰোধিতাৰ মাজত ত্ৰিপুৰী ৰাজকুমাৰ প্ৰদ্যোত কিশোৰ মানিক্য দেব বাৰ্মাই গঠন কৰিছে এই খিলঞ্জীয়া আঞ্চলিক “অৰাজনৈতিক” দল।

কিছুদিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰা দেব বাৰ্মাই মঙলবাৰে উজ্জয়ন্ত পেলেচত ত্ৰিপুৰাৰ বিভিন্ন জনজাতীয় নেতাসকলৰ লগত এক বৈঠকৰ পিছত দলটো গঠনৰ কথা ঘোষণা কৰিছে।

নতুন “অৰাজনৈতিক” দলটোৱে বিতৰ্কিত কা-ৰ বিৰোধ কৰিব আৰু মূলতঃ ত্ৰিপুৰী জনজাতিসকলৰ আৰ্থ-সামাজিক উন্নতিৰ বাবে কাম কৰিব, তেওঁ জনায়।

কা-ৰ বিৰোধিতাৰে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা ৬০খন লেখ আৱেদনৰ ভিতৰত দেব বাৰ্মাৰখনো আছে আৰু সেয়া আদালতে গ্ৰহণ কৰিছে।

নিজকে বৰ্তমান ৰাজনৈতিকভাৱে “নিবনুৱা” বুলি পৰিচয় দিয়া দেব বাৰ্মাই দীৰ্ঘদিনধৰি নিজ ৰাজ্যত সংখ্যালঘুত পৰিণত হোৱা ত্ৰিপুৰীসকলৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে মাত মাতি আহিছে।

দেব বাৰ্মাই জনোৱামতে, সদ্যগঠিত দলটোৱে অহা ৮ জানুৱাৰিত আগৰতলাত কা-ৰ বিৰোধিতাৰে এক সমাৱেশ অনুষ্ঠিত কৰিব।

দেব বাৰ্মাৰ পূৰ্ব পুৰুষে ভাৰত স্বাধীন হোৱাৰ পূৰ্বৰে পৰা বংগৰ দুৰ্ভগীয়া শৰণাৰ্থীসকলক ত্ৰিপুৰাত আশ্ৰয়দান কৰিছিল।

ত্ৰিপুৰা চামিল চুক্তি অনুসৰি ১৯৪৯ চনৰ ৯ চেপ্তেম্বৰত ৰজাশাসিত দেশখন নকৈ স্বাধীন ভাৰতৰ সৈতে যোগ হৈছিল।

দেব বাৰ্মাৰ ককাক, ত্ৰিপুৰাৰ তদানীন্তন মহাৰাজা ১৩ বছৰীয়া কিৰিত বিক্ৰম কিশোৰ দেব বাৰ্মা আৰু ভাৰতৰ গৱৰ্নৰ জেনেৰেলৰ মাজত এই চুক্তি সম্পাদন হৈছিল।