ধৰ্ষণৰ গোচৰৰ পৰা মুক্তি পালে ক্ৰিষ্টিয়ানো ৰোনাল্ডোই

আমেৰিকাৰ এখন আদালতে ধৰ্ষণৰ গোচৰৰ পৰা মুক্ত কৰে ৰোনাল্ডোক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী মডেল কেথেৰিন মেয়ৰ্গাই ৰোনাল্ডোৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আনিছিল।

২০০৯ চনত ৰোনাল্ডো লাছ ভেগাছৰ এখন হোটেলত কেথেৰিনৰ সৈতে ঘনিষ্ঠ হোৱাৰ পিছত শাৰীৰিক সম্পৰ্কত মিলিত হৈছিল।

পৰৱৰ্তী বছৰত কেথেৰিনে ৰোনাল্ডোৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আনে।

ৰোনাল্ডোৱে কেথেৰিনক শান্ত ৰাখিবলৈ প্ৰায় ৪ লাখ ডলাৰ পৰিশোধ কৰিছিল। এই বিবাদ আদালতৰ বাহিৰত নিষ্পত্তি কৰা হৈছিল।

কিন্তু পিছত কেথেৰিনে পুনৰ ৰোনাল্ডোৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আনিছিল। কিন্তু আদালতে অৱশেষত সেই অভিযোগ নাকচ কৰি ৰোনাল্ডোক গোচৰৰ পৰা মুক্তি দিছে আৰু মহিলাগৰাকীয়ে ভৱিষ্যতে এই বিষয়ত কোনো গোচৰ তৰিব নোৱাৰিব বুলি সকীয়াই দিছে।

For more stories