বলীউদত স্বজনতোষণৰ বলি হোৱাৰ অভিযোগৰ মাজতো কেৰিয়াৰ আগবাঢিছে কাৰ্তিক আৰিয়ানৰ।

কৰণ জোহাৰৰ ‘দোস্তানা-২’ ছবিখনৰ পৰা অপেশাদাৰী বুলি অপবাদ লৈ বাদ পৰিছিল যদিও পুনৰ ট্ৰেকলৈ উভতিছে কাৰ্তিক।

কাৰ্তিক আৰিয়ান অভিনীত ‘ভুল ভুলাইয়া-২’ ছবিখনে ২০০ কোটি টকাৰ ব্যৱসায় কৰাৰ পিছতে বলীউদত বহুলভাৱে চৰ্চিত হৈছে অভিনেতাগৰাকী।

শেহতীয়াকৈ পৰিচালক ইমতিয়াজ আলীৰ সৈতে সাক্ষাতৰ পিছতে ‘লভ আজকল ৩’ ক লৈও চৰ্চা চলিছে। গুঞ্জন অনুসৰি ছবিখনত ছাৰা আলী খান থকাৰো ইংগিত পোৱা গৈছে।

আকৌ এবাৰ ২০২০ৰ হিট যুটী ছাৰা-কাৰ্তিককলৈ আগ্ৰহী হৈ পৰিছে চলচ্চিত্ৰপ্ৰেমী।

For more stories