ত্ৰিশৰ দেওনা পাৰ কৰি ৩২ বছৰ বয়সতে যুৱতীগৰাকীয়ে ১০ খনকৈ ব্যক্তিগত জেট বিমানৰ স্বত্বাধিকাৰ হৈছে। নাম তেওঁৰ কণিকা তেকৰিৱাল।

১০ বছৰ পূৰ্বে মাত্ৰ ২৪ বছৰ বয়সতে তেওঁ এটা ব্যক্তিগত খণ্ডৰ জেট প্লেন সেৱা মুকলি কৰে। কণিকাৰ নেতৃত্বত চলা Jet Set Go Aviation Services Pvt Ltd নামৰ এই সংস্থাটো এতিয়া দেশৰ অন্যতম আগশাৰীৰ জেট প্লেন সেৱা সংস্থা।

তিনিবছৰৰ পৰিকল্পনাৰে তেওঁ সংস্থাটো প্ৰতিষ্ঠা কৰিছিল। মাজতে তেওঁৰ কেঞ্চাৰো ধৰা পৰিছিল। দুৰোৰোগ্য ৰোগবিধৰ পৰা মুক্তি লাভ কৰাৰ পাছতে ২০১২ চনত সংস্থাটো মুকলি কৰিছিল।

এতিয়া সংস্থাটোৰ নেট ৱৰ্থ হৈছেগৈ ১৫০ কৌটি টকা। নিযুক্তি লাভ কৰিছে ২০০ জনকৈ কৰ্মীয়ে। দিল্লী, মুম্বাই, চেন্নাই আৰু হায়দৰাবাদত সংস্থাটোৰ কাৰ্যালয় স্থাপন কৰা হৈছে।

নিজৰ অধ্যৱসায়ৰ বাবে কণিকা বিভিন্ন সন্মানেৰেও বিভূষিতা হৈছে। ইয়াৰ ভিতৰত অন্যতম হৈছে ফ’ৰ্বছ মেগাজীনৰ ত্ৰিশ বছৰ বয়সৰ তলৰ ত্ৰিশজন শ্ৰেষ্ঠ উদ্যোগপতিৰ তালিকাত স্থান লাভ।

For more stories